সৰুপথাৰ: স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ব্যস্ত হৈ থকাৰ পিছতো জন্মভূমি অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়। প্ৰলয়ংকাৰী বানে অসমৰ জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ খবৰে গ্লাছগোত বহি তেওঁৰ মন মথিত কৰি তুলিছে।

বৰ্তমান উজনি অসমৰ জিলাসমূহৰ বান পৰিস্থিতি কমা নাই যদিও বহু ঠাইত দুৰ্যোগৰ চিন স্পষ্ট হৈ আছে। অসমৰ এই দুৰ্যোগৰ সময়ত সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখি লাভলীনাই বানাক্ৰান্তসকললৈ সহমৰ্মিতা প্ৰকাশ কৰে।

ফেচবুকত এক আৱেগিক বাৰ্তাযোগে লাভলীনাই কয়, "নমস্কাৰ, মই এতিয়া কমনৱেলথ গেমছত আছোঁ আৰু মোৰ ৩১ তাৰিখে মেচ আছে। কিন্তু মোৰ বহুত বেছি বেয়া লাগিছে যে অসমৰ যি অৱস্থা এই মুহূৰ্তত, ভালদৰে নিজৰ গেমত ফ'কাছ কৰিব পৰা নাই। কাৰণ ভিডিঅ'বোৰ চাই আছোঁ, মানুহ কি অৱস্থাত আছে, কি কি প্ৰব্লেম হৈছে এইবোৰ দেখি একেবাৰে মনটো কেনেকুৱা লাগিছে বুজাব পৰা নাই।"

তেওঁ লগতে দেশবাসী আৰু অসমবাসীক সাহস বান্ধি ৰাখিবলৈ অনুৰোধ জনাই কয়, "এটাই ক'ম যাতে ভগৱানে সকলোকে শক্তি দিয়ক এই সময়খিনিত যুঁজিবৰ কাৰণে, এই সময়খিনি যাতে সোনকালে পাৰ হৈ যায়। আমি যাতে আকৌ স্বাভাৱিক হ'ব পাৰোঁ। বুজি পাওঁ ইমান সোনকালে সকলো বস্তু সমাধান হৈ নাযায়, সময় লাগিব। কিন্তু সকলোৱে যাতে এই মুহূৰ্তত ষ্ট্ৰং হৈ থাকে।"

বিপদৰ সময়ত সমগ্ৰ অসমবাসী একত্ৰিত হৈ সহায়ৰ হাত আগবঢ়োৱা ঘটনাই তেওঁক স্পৰ্শ কৰা বুলি উল্লেখ কৰি লাভলীনাই কয় যে এই কঠিন পৰিস্থিতিত তেওঁ নিজেও যিমান পাৰে সহায়ৰ বাবে চেষ্টা চলাই আছে। তেওঁ আশাবাদী যে অসমৰ মানুহে এই দুৰ্যোগৰ সময় শীঘ্ৰেই অতিক্ৰম কৰি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰিব।