দৰং, ২৭ জুলাই: অসমীয়া লোক-সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ তথা ঐতিহ্যমণ্ডিত ওজাপালী শিল্পকৰ্মক জীয়াই ৰখা আৰু ইয়াক বৰ্তমানৰ প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিয়াৰ এক ব্যতিক্ৰমি প্ৰয়াস পোহৰলৈ আহিছে। দৰং জিলাত ছয়গৰাকী প্ৰতিভাশালী যুৱতীয়ে একেলগে হাতত তুলি লৈছে ওজাপালীৰ তাল আৰু সুৰ। 'মা পাৰিজাত বিষাসিনী ওজাপালী' নামৰ এই বিশেষ দলে বৰ্তমান সমগ্ৰ ৰাজ্যতে চৰ্চা লাভ কৰিছে।

সাধাৰণতে পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত একচেটিয়াভাৱে চলি অহা ওজাপালী শিল্পৰ ক্ষেত্রখনত এই যুৱতীসকলৰ আত্মপ্ৰকাশে এক নতুন সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছে। পুৰণি ঐতিহ্য আৰু লোক-বিশ্বাসৰ ওপৰত আধাৰিত এই দলটিয়ে দৰঙৰ মাংলিক পৰিৱেশত নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

দলটোৰ সদস্যসকলৰ মতে, লোক-সংস্কৃতি আমাৰ পৰিচয়। আধুনিকতাৰ সোঁতত হেৰাই যাবলৈ ধৰা এই প্রাচীন কলাবিধক নতুন ৰূপত প্ৰতিষ্ঠা কৰাৰ তাগিদাতেই তেওঁলোকে এই যাত্ৰা আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত সমাজৰ পৰা বিভিন্ন বাধা আহিলেও তেওঁলোকৰ দৃঢ় মনোবলে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হয়। বৰ্তমান বিভিন্ন অনুষ্ঠানত তেওঁলোকৰ ওজাপালী প্ৰদৰশনে দৰ্শকৰ মনমোহা কৰিবলৈ সক্ষম হৈছে আৰু সকলোৰে পৰা ব্যাপক প্ৰশংসা লাভ কৰিছে

স্থানীয় ৰাইজ আৰু সাংস্কৃতিককর্মীসকলে যুৱতীসকলৰ এই প্ৰচেটাক ভূয়সী প্রশংসা কৰিছে। তেওঁলোকৰ এই পদক্ষেপে ভৱিষ্যতৰ প্ৰজন্মক নিজৰ কলা-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ইয়াৰ সংৰক্ষণৰ ক্ষেত্রত এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰিব বুলি আশা প্রকাশ কৰা হৈছে।