উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত এক গুৰুত্বপূৰ্ণ সফলতা অর্জন কৰিছে ভাৰতীয় নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৱে (NCB)। ২০২০ চনৰ এটা পুৰণি গোচৰত কামৰূপ মহানগৰ জিলাৰ বিশেষ এনডিপিএছ (NDPS) আদালতে তিনিজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ১৫ বছৰীয়া কঠোৰ কাৰাদণ্ড বিহে। ইয়াৰ লগতে প্ৰতিজন দোষীক ২ লাখ টকাকৈ জৰিমনাও বিহা হৈছে। জৰিমনা পৰিশোধ নকৰিলে তেওঁলোকে অতিৰিক্ত এক বছৰৰ কাৰাদণ্ড ভোগ কৰিব লাগিব।

এনচিবিৰ গুৱাহাটী আঞ্চলিক গোটে লাভ কৰা গোপন তথ্যৰ ভিত্তিত ২০২০ চনৰ ১৪ অক্টোবৰত গুৱাহাটীৰ ভিআইপি ৰোডৰ ছিক্স মাইল অঞ্চলত এটা সফল অভিযান চলাইছিল। উক্ত অভিযানত তেওঁলোকে সৰ্বমুঠ ২.১৪৬ কিলোগ্ৰাম মেথামফেটামিন (Methamphetamine) টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছিল। এই উচ্চ নিচাজুক্ত কৃত্ৰিম ড্ৰাগছবিধ সাধাৰণতে ‘য়াবা’ (Yaba) নামেৰেও জনা যায়।

এই ঘটনা সন্দৰ্ভত এনচিবিৰ গুৱাহাটী আঞ্চলিক গোটে এনডিপিএছ আইনৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। দীৰ্ঘদিনীয়া তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। দোষী সাব্যস্ত হোৱা ব্যক্তিকেইজন হ'ল—মণিৰূপৰ থৌবাল জিলাৰ শ্বাকিল খান, ইম্ফল পূব জিলাৰ মহম্মদ য়াহিয়া খান আৰু বিহাৰৰ ভাগলপুৰ জিলাৰ মিথিলেশ কুমাৰ। বিচাৰৰ অন্তত আদালতে তিনিওজনকে এনডিপিএছ আইনৰ ২২(চি), ২৮, ২৯, ৩৫ আৰু ৫৪ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে।

মায়ানমাৰ আৰু বাংলাদেশৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমান্ত তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভূ-ৰাজনৈতিক অৱস্থানৰ বাবে এই অঞ্চলটো ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে কৰিড’ৰ হিচাপে পৰিণত হোৱাৰ আশংকা থাকে। বিশেষকৈ গুৱাহাটী দেশৰ বাকী অংশৰ সৈতে যোগাযোগৰ প্ৰধান কেন্দ্ৰ হোৱাৰ বাবে ইয়াত সৰবৰাহকাৰীৰ গতিবিধি অধিক সংবেদনশীল হৈ পৰিছে।

আদালতৰ এই ৰায়দানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনচিবি কতৃপক্ষই স্পষ্ট কৰি দিয়ে যে, সংঘবদ্ধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত লোকসকলক কোনো ধৰণৰ ৰেহাই দিয়া নহ’ব। সমাজ আৰু যুৱসমাজলৈ নামি অহা এই ধ্বংসাত্মক বিপদৰ বিৰুদ্ধে কঠোৰ হাতেৰে দমন চলোৱা হ’ব বুলি সংস্থাই উল্লেখ কৰে। ইফালে, ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ এই যুঁজত সৰসাধাৰণ নাগৰিকক সহযোগ কৰিবলৈ আহ্বান জনাই এনচিবি-য়ে ‘MANAS’ ৰ হেল্পলাইন নম্বৰ ‘১৯৩৩’ (1933) ত ড্ৰাগছ সম্পৰ্কীয় যিকোনো তথ্য শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছে।