ঢাকা: বাংলাদেশৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টী (BNP)ৰ প্ৰবীণ নেতা মিৰ্জা ফখৰুল ইছলাম আলমগিৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত ৭৮ বছৰীয়া আলমগিৰে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী লিবাৰেল ডেমক্ৰেটিক পাৰ্টীৰ অধ্যক্ষ অলি আহমেদক পৰাস্ত কৰি এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হয়।

মূখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে জনোৱা মতে, মুঠ ৩৪৩টা ভোটৰ ভিতৰত আলমগিৰে ২৫৫টা ভোট লাভ কৰে। এই জয়ৰ লগে লগে শুকুৰবাৰে সন্ধিয়া বংগভৱনৰ দৰবাৰ প্ৰেক্ষাগৃহত তেওঁ বাংলাদেশৰ ২৩ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। ১৯৯১ চনৰ পিছত এইটোৱেই দেশখনত অনুষ্ঠিত প্ৰথমখন প্ৰতিদ্বন্দ্বিতামূলক ৰাষ্ট্ৰপতি নিৰ্বাচন।

উল্লেখ্য যে, শ্বেখ হাছিনা চৰকাৰৰ পতানৰ পিছত স্বাস্থ্যজনিত কাৰণত মহম্মদ ছাহাবুদ্দিনে পদত্যাগ কৰাত ৰাষ্ট্ৰপতিৰ পদটো খালী হৈছিল। বৰ্তমান সংসদৰ অধ্যক্ষ হাফিজ উদ্দিন আহমেদে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰি আছে। নতুন ৰাষ্ট্ৰপতি আলমগিৰক প্ৰধানমন্ত্ৰী তাৰিক ৰহমানকে ধৰি বিভিন্ন স্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰা হৈছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, সংবিধান সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ ক্ষমতা বৃদ্ধিৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত আলমগিৰৰ এই নিৰ্বাচনক বিএনপিৰ এক কৌশলগত পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।