নতুন দিল্লী: ব্ৰিকছ সন্মিলনৰ (BRICS Summit) মঞ্চৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ শক্তিশালী দেশসমূহক উদ্দেশ্যি এক স্পষ্ট আৰু বাৰ্তা প্ৰদান কৰিছে। চীনৰ ৰাষ্ট্ৰপতি চিনঝিংপিং আৰু অন্যান্য বিশ্বনেতাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰযুক্তি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহক (Critical Minerals) কোনো ৰাজনৈতিক বা কৌশলগত স্বাৰ্থত ‘অস্ত্ৰ’ হিচাপে ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে।
ব্ৰিকছ সন্মিলনৰ অন্তিম তথা গুৰুত্বপূৰ্ণ অধিৱেশনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান সময়ত আমেৰিকা আৰু চীনৰ মাজত চলি থকা প্ৰতিদ্বন্দ্বিতাৰ বাবে বিশ্বৰ যোগান শৃংখল (Supply Chain) আৰু প্ৰযুক্তি খণ্ডত এক অস্থিৰতা বিৰাজ কৰিছে।
ভাৰতৰ মূল স্থিতি আৰু সৰ্বাংগীন বিকাশ:
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে গোলকীয় দক্ষিণৰ (Global South) দেশসমূহৰ ব্ৰিকছৰ ওপৰত আস্থা ক্ৰমাৎ বৃদ্ধি পাইছে, কিয়নো ইয়াত প্ৰতিটো দেশৰ কণ্ঠক গুৰুত্ব দিয়া হয়।
আমেৰিকা-চীন প্ৰতিদ্বন্দ্বিতা আৰু বিশ্বৰ প্ৰত্যাহ্বান:
বৰ্তমান বিশ্বত উচ্চ প্ৰযুক্তিৰ চেমিকনডাক্টৰ, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ইলেক্ট্ৰিক বাহনৰ বেটাৰী নিৰ্মাণত ব্যৱহৃত লিথিয়াম, গেলিয়ামৰ দৰে খনিজ পদাৰ্থৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিবলৈ আমেৰিকা আৰু চীনৰ মাজত এক শীতল যুদ্ধ সদৃশ পৰিস্থিতি চলি আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ক’ভিড মহামাৰী, জলবায়ু পৰিৱৰ্তনৰ বিপৰ্যয় আৰু বিভিন্ন ভূ-ৰাজনৈতিক সংঘাতসমূহে প্ৰমাণ কৰিছে যে বৰ্তমানৰ আন্তঃসংযুক্ত পৃথিৱীত কোনো সংকটেই কেৱল এটা অঞ্চলতে সীমাবদ্ধ হৈ নাথাকে।