প্ৰাপ্ত খবৰ অনুসৰি, দুৰ্ভগীয়া মাতৃগৰাকীয়ে অভিযোগ কৰা মতে, তেওঁৰ পুতেকৰ মৃত্যু কেৱল এক সাধাৰণ পথ দুৰ্ঘটনা নাছিল, ইয়াৰ লগত নিশ্চয় কোনো ৰহস্য জড়িত আছে। কিন্তু স্থানীয় আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নলৈ কেৱল দুৰ্ঘটনাৰ ৰূপ দি ঘটনাটো লুকুৱাবলৈ প্ৰয়াস কৰা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। শোকাগ্ৰহ্ত মাতৃগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে চিবিআই (CBI) তদন্তৰ দাবী জনোৱাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।
উল্লেখ্য যে, একেৰাহে কেইবা দিন ধৰি গুৱাহাটীৰ বুকুত বিভিন্নজনে নিজৰ হেৰুৱা বা মৃত সন্তানৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই অহা দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি এই মাতৃগৰাকীয়ে দোষীয়ে উপযুক্ত শাস্তি নোপোৱালৈকে সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ দিয়ে।