সৰুপথাৰ: উজনি অসমৰ কেইবাখনো জিলাত বৰ্তমানেও ভয়াৱহ বান পৰিস্থিতি অব্যাহত থকাৰ মাজে মাজে আন এক নতুন বিপদাশংকাই দেখা দিছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অসমত হোৱা অবিৰত বৰষুণৰ ফলত নীপকোৱে (NEEPCO) পুনৰ মুকলি কৰি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ তিনিখনকৈ ৰেডিয়েল গেট। প্ৰকল্পটোৰ জলাশয়ত পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
শেহতীয়া তথ্য অনুসৰি, নীপকোৱে প্ৰতি ছেকেণ্ডত প্ৰায় ৯৪ হাজাৰ লিটাৰকৈ পানী দৈয়াং নদীলৈ এৰি দিছে। ইয়াৰ পূৰ্বেও বিগত ২৪ জুলাইত প্ৰকল্পটোৰ পৰা চাৰিখনকৈ গেট মুকলি কৰি পানী এৰি দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত বৰষুণ কিছু কমাৰ বাবে গেটসমূহ বন্ধ কৰা হৈছিল। কিন্তু শেহতীয়াভাৱে হোৱা নেৰানেপেৰা বৰষুণৰ বাবে জলস্তৰ পুনৰ বিপদসীমাৰ দিশে গতি কৰাত বাধ্য হৈ কৰ্তৃপক্ষই পুনৰ গেটসমূহ খোলে।
এই অতিৰিক্ত পানী প্ৰবাহে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ লগতে দৈয়াং আৰু ধনশিৰি নদীৰ কাষৰীয়া অঞ্চলসমূহত বান পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ আশঙ্কা কৰা হৈছে। প্ৰশাসনে নৈপৰীয়া ৰাইজক অধিক সৰ্গক আৰু সাৱধানে থাকিবলৈ বাৰংবাৰ অনুৰোধ জনাইছে। লগতে জৰুৰীকালীন পৰিস্থিতি মোকাবিলা কৰিবলৈ স্থানীয় প্ৰশাসন সম্পূৰ্ণ সাজু থকাৰ কথা জানিব পৰl গৈছে।