বিশেষ প্ৰতিবেদক:
চলমান গাজা যুদ্ধ আৰু পেলেষ্টাইনী নাগৰিকৰ ওপৰত চলা আক্ৰমণৰ এক ভয়াবহ তথা ভিতৰুৱা ছবি টানি ধৰি ভেনিচ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে এখন অতি সংবেদনশীল তথ্যচিত্ৰ। অস্কাৰ বঁটা বিজয়ী ইজৰাইলী চিনেমা নিৰ্মাতা যুভাল আব্ৰাহাম (Yuval Abraham) আৰু ৰাচেল শ্ব’ৰ (Rachel Szor) দ্বাৰা নিৰ্মিত 'নাজা' (NAZA) নামৰ এই তথ্যচিত্ৰখনে প্ৰদৰ্শনৰ লগে লগে বিশ্বজুৰি তীব্ৰ চাঞ্চল্য আৰু চৰ্চাৰ সৃষ্টি কৰিছে।
খবৰ অনুসৰি, ভেনিচ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱাৰ পিছতে ছবিখনে দৰ্শকৰ পৰা একেৰাহে ২৫ মিনিট ধৰি থিয় হৈ হাত চাপৰি বজাই (standing ovation) সন্মান জনায়।
তথ্যচিত্ৰখনত কি আছে?
'নাজা' তথ্যচিত্ৰখনত ইজৰাইলী সেনাপ্ৰতিষ্ঠানৰ ২৪ গৰাকী ভিতৰুৱা ব্যক্তি, য’ত চোৰাংচোৱা বিষয়া আৰু সৈনিকো অন্তৰ্ভুক্ত আছে, তেওঁলোকৰ সাক্ষ্যগ্ৰহণৰ জৰিয়তে গাজা যুদ্ধৰ কূটাঘাট আৰু পেলেষ্টাইনী নাগৰিকসকলৰ ওপৰত চলা পদ্ধতিগত হত্যাৰ ভয়াবহ তথ্য পোহৰলৈ অনা হৈছে।
তেল আভিভৰ এক গোপন স্থানত তিনি বছৰ ধৰি অত্যন্ত সতৰ্কতাৰে এই তথ্যচিত্ৰখনৰ শ্বুটিং কৰা হৈছিল। নিৰাপত্তাৰ খাতিৰত ছবিখনত অংশগ্ৰহণ কৰা সেনা বিষয়াসকলৰ পৰিচয় সম্পূৰ্ণৰূপে গোপন ৰাখি ডিজিটেল প্ৰক্ৰিয়াৰে তেওঁলোকৰ কণ্ঠস্বৰ আৰু চেহেৰা সলনি কৰি দিয়া হৈছে। উল্লেখ্য যে, 'নাজা' শব্দটো ইজৰাইলী সেনাত সাধাৰণ নাগৰিকৰ (য’ত পুৰুষ, মহিলা আৰু শিশু অন্তৰ্ভুক্ত) মৃত্যুৰ সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা এক চৰ্দাৰী বা সংক্ষিপ্ত শব্দ।
নিৰ্মাতাৰ মন্তব্য:
মহোৎসৱৰ এক সংবাদমেলত পৰিচালক যুভাল আব্ৰাহামে কয়, "আমি কেৱল এই সৈনিক আৰু বিষয়াটোক সুধিছিলোঁ— আপোনালোকে প্ৰকৃততে কি কৰিছিল, আমাক বহলাই কওক।"
ব্ৰিটিছ সংবাদ মাধ্যম 'দ্য গাৰ্জিয়ান' (The Guardian) আৰু অস্কাৰ বিজয়ী ছবি 'দ্য জোন অফ ইন্টাৰেষ্ট'ৰ (The Zone of Interest) নিৰ্মাতাসকলৰ সহযোগিতাত নিৰ্মিত এই তথ্যচিত্ৰখনে ভেনিচৰ সৰ্বোচ্চ বঁটা 'গোল্ডেন লায়ন'ৰ বাবেও প্ৰতিদ্বন্দিতা আগবঢ়াইছে।