কন্নড় চিনেমাৰ জনপ্ৰিয় অভিনেতা যশৰ (Yash) বহুল প্ৰত্যাশিত তথা আকৰ্ষণীয় একচন ড্ৰামা ছবি ‘টক্সিক: এ ফেয়াৰী টেল ফৰ গ্ৰন-আপছ’ (Toxic: A Fairy Tale for Grown-Ups) মুক্তিৰ বাবে সম্পূৰ্ণ সাজু। ছবিখনে ছবিগৃহত প্ৰৱেশ কৰাৰ পূৰ্বেই বক্স অফিচত অভূতপূর্ব চাহিদা লাভ কৰিছে। শেহতীয়া প্ৰতিবেদন অনুসৰি, ছবিখনৰ এডভান্স বুকিং বা অগ্ৰিম টিকট বিক্ৰীয়ে ইতিমধ্যে ৪০ কোটি টকাৰ ঘৰ স্পৰ্শ কৰাৰ পথত আছে।

৭.৫ লাখৰো অধিক টিকট বিক্ৰী

গীতু মোহনদাসৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে মুক্তিৰ পূৰ্বেই ভাৰতবৰ্ষত ৭.৫ লাখৰো অধিক টিকট বিক্ৰী কৰি এক নতুন মাইলৰক্ষ্ণ অৰ্জন কৰিছে। বৰ্তমানৰ তথ্য অনুসৰি, কেৱল পোনপটীয়া টিকট বিক্ৰীৰ জৰিয়তে প্ৰায় ২৭.৭২ কোটি টকা সংগ্ৰহ হৈছে আৰু ব্লকত থকা আসনসমূহ (blocked seats) ধৰি এই সংগ্ৰহ ৩৬ কোটি টকাৰো অধিক হৈছে।

শীৰ্ষস্থানত কৰ্ণাটক

যশৰ ঘৰুৱা বজাৰ তথা কৰ্ণাটকত ছবিখনৰ ক্ৰেঁজ সৰ্বাধিক দেখা গৈছে। কেৱল কৰ্ণাটক ৰাজ্যৰ পৰাই ছবিখনে ১৬.৪ কোটি টকা সংগ্ৰহ কৰি অগ্ৰিম বুকিং তালিকাত শীৰ্ষস্থান দখল কৰি ৰাখিছে। ৰাজ্যখনত প্ৰায় ৫২ শতাংশ দৰ্শকৰ উপস্থিতিৰে বৃহৎ সংখ্যক শ্ব' ইতিমধ্যে হাউচফুল হৈ পৰিছে। কৰ্ণাটকৰ পিছতে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দৰে ৰাজ্যসমূহত ছবিখনৰ প্ৰতি দৰ্শকৰ গভীৰ আগ্ৰহ পৰিলক্ষিত হৈছে।

মুম্বাইত বৃদ্ধি কৰা হৈছে বিশেষ শ্ব'

দৰ্শকৰ অত্যধিক চাহিদা আৰু জনপ্ৰিয়তা মধ্যনজৰ ৰাখি মুম্বাইৰ বহু চিনেমা হলত ৰাতিপুৱা ৬ বজাৰ পৰা আৰম্ভ কৰি নিশাৰ ভাগলৈকে অতিৰিক্ত শ্ব' সংযোজন কৰা হৈছে। ইফালে, প্ৰিমিয়াম টিকটসমূহৰ মূল্যও কেইটামান স্থানত যথেষ্ট উচ্চ হোৱা দেখা গৈছে।

আগষ্ট ২৬ তাৰিখে বিশ্বজুৰি মুক্তি লাভ কৰিবলগীয়া এই ছবিখনত যশৰ লগতে নয়নতারা, কিয়াৰা আদৱানী, হুমা কুৰেছি, তাৰা সুতাৰিয়া আৰু ৰুক্মিণী বসন্তৰ দৰে তাৰকা অভিনেত্ৰীসকলে প্ৰধান চৰিত্ৰত অভিনয় কৰিছে। 'কেজিএফ চেপ্টাৰ ২'ৰ বিশাল সফলতাৰ পিছত পৰ্দালৈ উভতি অহা যশৰ এই ছবিখনে বক্স অফিচত কিমান নতুন অভিলেখ সৃষ্টি কৰে, সেয়া সময়হে ক’ব।