অম্ষ্টাৰ্ভীন: ২০২৬ বৰ্ষৰ FIH পুৰুষ হকি বিশ্বকাপত (FIH Men's Hockey World Cup 2026) আৰম্ভণিষ্ঠৰ পৰাই হতাশাজনক প্ৰদৰ্শন দাঙি ধৰিছে পাকিস্তানে। প্ৰতিযোগিতাখনৰ প’ল ‘ডি’ৰ এখন গুৰুত্বপূৰ্ণ মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৪-১ গ’লত পৰাজিত হোৱাৰ পিছতো, পাকিস্তান দলে পথাৰত সংঘটিত কৰা এক আজৱ তথা লাজজনক ভুলৰ বাবে সমগ্ৰ ক্ৰীড়া জগতত সমালোচনাৰ সন্মুখীন হৈছে। মেচখনৰ সময়ত দলটোৱে  পেনাল্টী  কৰ্ণাৰৰ বাবে আৱশ্যকীয় সুৰক্ষা সামগ্ৰী (Protective Gear) ড্ৰেছিং ৰূমত এৰি অহাৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

প্ৰাপ্ত খবৰ অনুসৰি, মেচখনৰ ১৭ মিনিটৰ মূৰত, ইংলেণ্ডে ১-০ গ’লে আগবাঢ়ি থকা অৱস্থাত দলটোৱে এটা পেনাল্টি কৰ্ণাৰ লাভ কৰে। সেই সময়তে পাকিস্তান দলৰ খেলোয়াড়সকল পথাৰত পেনাল্টি কৰ্ণাৰৰ সুৰক্ষা সামগ্ৰী বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। পিছত পোহৰলৈ আহে যে দলটোৱে এই জৰুৰী সুৰক্ষা সঁজুলিবিধ ড্ৰেছিং ৰূমতহে এৰি আহিছিল। পৰিস্থিতি এনে পৰ্যায় পায় যে এজন পাকিস্তানী খেলুৱৈয়ে সামগ্ৰীবিধ আনিবলৈ দৌৰি ড্ৰেছিং ৰুমলৈ যাবলগীয়া হয়।

এই পলম হোৱাৰ বাবে খেলখনত বিশৃংখলতাৰ সৃষ্টি হয় আৰু ৰেফাৰীয়ে পাকিস্তানৰ অধিনায়ক আবুবাকৰ মাহমুদক (Abu Bakar Mahmood) গ্ৰীণ কাৰ্ড প্ৰদৰ্শন কৰে। ইয়াৰ ফলত অধিনায়কগৰাকীয়ে দু মিনিটৰ বাবে চাইডলাইনত বহি থাকিবলগীয়া হয়। বিশ্বস্তৰৰ এনে এখন প্ৰতিযোগিতাত পেছাদাৰী দায়িত্বহীনতাৰ এনে উদাহৰণে ক্ৰীড়া বিশ্লেষকসকলক আচৰিত কৰি তুলিছে।

প্ৰাক্তন অধিনায়কৰ তীব্ৰ সমালোচনা:পাকিস্তানৰ হকি দলৰ এনে নিম্নমানৰ সাজুতা আৰু দায়িত্বহীনতাক লৈ ক্ষোভ প্ৰকাশ কৰিছে দলটোৰ প্ৰাক্তন অধিনায়ক ছলমান আকবৰে (Salman Akbar) । ছ’চিয়েল মিডিয়াত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় হকিৰ সৰ্বোচ্চ মঞ্চত এনেধৰণৰ ভুল কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।

তেওঁ টুইট যোগে কয়, "ৱাহ! পাকিস্তান হকীৰ ফালৰ পৰা আন এক অবাঞ্ছিত ৰেকৰ্ড। বিশ্বকাপৰ প্ৰথমখন মেচতেই ড্ৰেছিং ৰূমত সুৰক্ষা সামগ্ৰী পাহৰি যোৱাৰ বাবে অধিনায়কে কাৰ্ড খাবলগীয়া হ’ল। কেৱল কৌশল বা ফিটনেসেই প্ৰস্তুতি নহয়, অনুশাসন আৰু সঠিক ব্যৱস্থাপনাও সমানেই গুৰুত্বপূৰ্ণ। বিশ্বকাপৰ দৰে মঞ্চত এনে ঘটনাই দলটোৰ প্ৰস্তুতিৰ ওপৰত ডাঙৰ প্ৰশ্নচিহ্ন উত্থাপন কৰিছে।"

উল্লেখ্য যে, এই লজ্জাজনক পৰাজয় আৰু অপ্ৰস্তুতিত মেচখনৰ পিছত পাকিস্তান দলে আগন্তুক মেচসমূহত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰিবনে নাই, সেয়া এতিয়া লক্ষণীয় হ’ব।