ইস্লামাবাদ: পাকিস্তানৰ উত্তৰ-পশ্চিমাঞ্চলত সন্ত্ৰাসবাদীয়ে চলোৱা এক কাপুৰুষীয়া আক্ৰমণত ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা কঁপি উঠিছে। খাইবার পাখতুনখোৱা প্ৰদেশৰ টাংক জিলাত এক যৌথ সুৰক্ষা চকী (Security Checkpost) লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে চলোৱা আত্মঘাতী বোমা বিস্ফোৰণ আৰু সশস্ত্ৰ আক্ৰমণত ১২ গৰাকী সেনাসহ মুঠ ১৫ গৰাকী নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাইছে।  

স্থানীয় সেনা সূত্ৰ আৰু প্ৰতিবেদন অনুসৰি, সন্ত্ৰাসবাদীয়ে প্ৰথমে বিস্ফোৰকেৰে ভৰ্তি এটা বাহন চকীখনৰ দেৱালত খুন্দিয়াই দিয়ে, যাৰ ফলত এক প্ৰচণ্ড বিস্ফোৰণ ঘটে। এই বিস্ফোৰণৰ পিছতে সশস্ত্ৰ সন্ত্ৰাসবাদী দলটোৱে চকীখনৰ ওপৰত আধাৰ সৰ্বস্ব আক্ৰমণ চলায়।  

নিহত নিৰাপত্তাৰক্ষীসকলৰ ভিতৰত ১২ গৰাকী সৈনিক, ২ গৰাকী আৰক্ষী বিষয় আৰু বন বিভাগৰ এজন প্ৰাক্তন কৰ্মচাৰী আছে বুলি নিশ্চিত কৰা হৈছে। এই ভয়ংকৰ আক্ৰমণৰ পিছতে নিৰাপত্তাৰক্ষীয়ে তৎপৰতাৰে প্ৰতি-আক্ৰমণ (Counter-operation) চলায় আৰু ১২ গৰাকী আক্ৰমণকাৰী সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ সক্ষম হয়। 

 পাকিস্তান সেনাই এই আক্ৰমণৰ বাবে নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী গোট ‘তেহ্ৰীক-ই-তালিবান পাকিস্তান’ (TTP)-ক জগৰীয়া কৰিছে। শেহতীয়াভাৱে পাকিস্তানৰ উত্তৰ-পশ্চিম প্ৰান্তত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে নিৰন্তৰভাৱে এনে আক্ৰমণ চলাই আহিছে। বৰ্তমান সম্পূৰ্ণ অঞ্চলটো ঘেৰি ধৰি নিৰাপত্তাৰক্ষীয়ে এক বৃহৎ তালাচী অভিযান অব্যাহত ৰাখিছে