ফিলিপাইনত যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড: উদ্ধাৰকাৰীয়ে জুই লাগি ছাই হোৱা জাহাজৰ পৰা উদ্ধাৰ কৰিলে ৩০ টা মৃতদেহ, মৃত্যুৰ সংখ্যা ৩৫ লৈ বৃদ্ধি
মেনিলাই: ফিলিপাইনত যাত্ৰীবাহী ফেৰীত সংঘটিত হোৱা এক মৰ্মান্তিক অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে।
বুধবাৰে নিশা ৰাজধানী মেনিলাৰ পৰা পালাভান প্ৰদেশৰ জনপ্ৰিয় পৰ্যটনস্থলী কৰোণ (Coron) অভিমুখে যাত্ৰা কৰা ‘এম ভি জুন আষ্টাৰ’ (MV June Aster) নামৰ যাত্ৰীবাহী ফেৰীখনত এই আকস্মিক অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
তীব্ৰ তাপ আৰু ধোঁৱাৰ বাবে বিলম্বিত হৈছিল উদ্ধাৰ অভিযান
দুৰ্ঘটনাৰ পিছতে উপকূলৰক্ষী বাহিনী আৰু স্থানীয় মাছমৰীয়াসকলৰ তৎপৰতাত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাই ৪৩ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছিল। কিন্তু জাহাজখনৰ ভিতৰত সৃষ্টি হোৱা প্ৰচণ্ড গৰম আৰু ঘন ক’লা ধোঁৱাৰ বাবে উদ্ধাৰকাৰী দলসমূহে বৃহস্পতিবাৰে জাহাজখনৰ ভিতৰলৈ প্ৰৱেশ কৰাত যথেষ্ট বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
ভয়ংকৰ অভিজ্ঞতাৰ কথা সোঁৱৰিলে প্ৰাণ ৰক্ষা পৰা লোকসকলে
এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা যাত্ৰী আৰ্নুলফো নক্কী ভিলেনুৱেফায়ে (Arnulfo Nokki Villanueva) সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰা মতে, জুইখিনি ইমানেই দ্ৰুতগতিত বিয়পি পৰিছিল যে তেওঁ লাইফ জেকেট ল’বলৈও সময় পোৱা নাছিল।
কৰ্তৃপক্ষৰ তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত ফেৰীখনৰ যাত্ৰী তালিকাত (Manifest) মুঠ ১৩৪ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত আছিল, য’ত ১১৭ গৰাকী যাত্ৰী আৰু ১৭ গৰাকীচাৰ্ভিচ ক্ৰু বা কৰ্মচাৰী আছিল।
দ্বীপৰাষ্ট্ৰ ফিলিপাইনত সাগৰীয় যাতায়াতৰ বাবে ফেৰীসমূহ অতি গুৰুত্বপূৰ্ণ যদিও, কেতিয়াবা সুৰক্ষা বিধিৰ আসোঁৱাহ আৰু অন্যান্য কাৰণত এনে মাৰাত্মক দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। বৰ্তমান এই ভয়ংকৰ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ কি আছিল, সেই বিষয়ে খৰচি মাৰি তদন্ত অব্যাহত ৰাখিছে ক’ষ্ট গাৰ্ড আৰু সাগৰীয় প্ৰশাসনে।