নতুনদিল্লী: বৰ্তমান ৰাজ্যখনত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ সাংসদসকলক সাক্ষাৎ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকখনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেটাসহ অসমৰ কেইবাজনো সাংসদ উপস্থিত আছিল। বৈঠকে মূলতঃ ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চলসমূহৰ সাম্প্ৰতিক অৱস্থা আৰু চলি থকা সাহায্য তথা উদ্ধাৰ কাৰ্যৰ ওপৰত গু আৰোপ কৰে।

বৈঠকৰ অন্তত সামাজিক মাধ্যম 'এক্স' (X)-ত এটা প’ষ্ট শ্বেৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "অসমৰ সাংসদসকলক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাম্প্ৰতিক বান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিলো। ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। মই সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।"

প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়া অবিৰত বৰষুণ আৰু বানৰ ফলত অসমৰ শিৱসাগৰকে ধৰি কেইবাখনো জিলাৰ লাখ লাখ জনসাধাৰণ প্ৰভাৱিত হৈছে। বানপীড়িত অঞ্চলসমূহত সাধাৰণ নাগৰিকৰ জীৱনযাত্ৰা ব্যাহত হৈ পৰাৰ লগতে বহু লোক আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে। সাংসদসকলে প্ৰধানমন্ত্ৰীগৰাকীক বানাক্ৰান্ত জিলাসমূহৰ ভুৱা মটিত থকা প্ৰকৃত ছবি আৰু প্ৰশাসনৰ দ্বাৰা চলাই থকা সাহায্য শিবিৰসমূহৰ বিষয়ে অৱগত কৰে।

ইফালে, প্ৰধানমন্ত্ৰীয়ে অসমৰ বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে যুদ্ধকালীন তত্পৰতাৰে বানাক্ৰান্ত প্ৰতিগৰাকী লোকৰ কাষলৈ সাহায্য আৰু আশ্ৰয়সামগ্ৰী লৈ যোৱাৰ চেষ্টা চলাই আছে। কেন্দ্ৰীয় চৰকাৰৰ এই তৎপৰতাই বানাক্ৰান্ত ৰাইজক পুনৰ্বাসন আৰু সাহায্য প্ৰদানৰ কামত এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।