ইছলামাবাদ: পাকিস্তান অধিকৃত কাশ্মীৰত (PoK) নিৰ্বাচনী হিংসা আৰু প্ৰতিবাদে চৰম ৰূপ ধাৰণ কৰিছে। অঞ্চলটোৰ আৰক্ষীয়ে নিষিদ্ধ ঘোষণা কৰা 'জয়েন্ট আৱামি এক্সন কমিটি' (JAAC) নামৰ সংগঠনটোৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীৰ দাবী অনুসৰি, নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈ থকা অৱস্থাতে হাইৱে আৰক্ষীৰ আজন কেইজনক অপহৰণ কৰিছে এই প্ৰতিবাদী সংগঠনটোৱে।

আৰক্ষীৰ মুখপাত্ৰ খৱৰ আলী চৌকাটে এক সংবাদমেলত প্ৰকাশ কৰা মতে, নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ খোজ ক কটাবলগীয়া নিৰাপত্তা বাহিনীৰ ওপৰত JAAC-ৰ সদস্যসকলে আক্ৰমণ চলায়। অপহৰণ কৰা আৰক্ষী কেইজনক বৰ্বৰভাৱে নিৰ্যাতন চলোৱা হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

মুখপাত্ৰগৰাকীয়ে স্পষ্ট কৰি কয় যে ৰাজ্যখন বা প্ৰশাসন দুৰ্বল নহয়। চৰকাৰে এতিয়ালৈকে সংযম অৱলম্বন কৰি আহিছে যদিও ইয়াক দুৰ্বলতা বুলি ভাবি ভুল কৰা উচিত নহয়। অপহৰণকাৰীসকলক চেতাৱনী দি তেওঁ কয় যে যদি এই আৰক্ষী কেইজনৰ কোনো ক্ষতি সাধন কৰা হয় বা তেওঁলোকৰ মুক্তিৰ ক্ষেত্ৰত হেকাৰ সৃষ্টি কৰা হয়, তেন্তে প্ৰশাসনে কোনো ধৰণৰ নৰমপন্থী নীতি গ্ৰহণ নকৰে। লগতে অপহৰণকাৰীয়ে আৰক্ষীৰ পৰিয়ালটোকো ভাবুকি প্ৰদান কৰা বুলি খবৰ আহিছে।

উল্লেখ্য যে, আঞ্চলিক বিধানসভাৰ ১২খন বিতৰ্কিত আসনক লৈ জুন মাহৰ পৰাই JAAC-য়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সংগঠনটোৱে অভিযোগ কৰি আহিছে যে চৰকাৰে নিজৰ পচন্দৰ প্ৰধানমন্ত্ৰী নিযুক্তি দিয়াৰ বাবে এই আসনসমূহক লৈ ষড়যন্ত্ৰ চলাইছে। ইয়াকে কেন্দ্ৰ কৰি বিগত কেইটামান মাহত প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত উত্তপ্ত হৈ আছে সমগ্ৰ অঞ্চলটো।