চলতি বৰ্ষৰ এই গ্ৰেণ্ড হেন্স ট্যুৰত পোলণ্ড, ৰোমানিয়া, ক্ৰয়েছিয়া, চেন্ট লুইছ ৰেপিড এণ্ড ব্লিটজ আৰু ছিংকুফিল্ড কাপৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা অন্তৰ্ভুক্ত আছিল। ছিংকুফিল্ড কাপ আৰু চেন্ট লুইছ প্ৰতিযোগিতাত প্ৰজ্ঞানানন্দৰ সুন্দৰ প্ৰদৰশিংই তেওঁক এই ফাইনেললৈ পথ মুকলি কৰি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে।
ফাইনেল মেচখনত প্ৰজ্ঞানানন্দই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানাৰ বিৰুদ্ধে খিতাপৰ বাবে যুঁজ দিব। এই প্ৰতিযোগিতাৰ শীৰ্ষ স্থান দখলকাৰী বিজয়ীয়ে বৃহৎ পুৰস্কাৰ ধন লাভ কৰাৰ লগতে প্ৰতিযোগিতাৰ শীৰ্ষ তিনিজন খেলুৱৈয়ে ২০২৭ বৰ্ষৰ গ্ৰেণ্ড হেন্স ট্যুৰলৈ পোনপটীয়া আমন্ত্ৰণ লাভ কৰিব।