ছেইণ্ট লুইছ (আমেৰিকা): ছেইণ্ট লুইছ ৰেপিড এণ্ড ব্লিটজ (St. Louis Rapid and Blitz) চেছ টুৰ্ণামেণ্টৰ ৰেপিড পৰ্যায়ত নিজৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখি শীৰ্ষস্থান দখল কৰিছে ভাৰতৰ প্ৰতিভাশালী গ্ৰাণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দই (R Praggnanandhaa)। মুঠ ১৮ পইণ্টৰ ভিতৰত ১২ পইণ্ট সংগ্ৰহ কৰি তেওঁ গ্ৰাণ্ড চেছ টুৰ্ণামেণ্টৰ (GCT) ফাইনেলত প্ৰৱেশৰ আশা জীয়াই ৰাখিবলৈ সক্ষম হৈছে।

নটা ৰাউণ্ড জুৰি অনুষ্ঠিত হোৱা এই ৰেপিড পৰ্যায়ত প্ৰজ্ঞানন্দই অত্যন্ত নিখুঁত টেকনিক, স্পষ্টতা আৰু জিকিৰ তীব্ৰ হেঁপাহ প্ৰদৰ্শন কৰে। টুৰ্ণামেণ্টৰ অন্তিম অৰ্থাৎ ন নম্বৰ ৰাউণ্ডত তেওঁ নেডাৰলেণ্ডছৰ গ্ৰাণ্ডমাষ্টাৰ জৰ্ডেন ভান ফ’ৰেষ্টৰ হাতত পৰাজিত হ’বলগীয়া হয় যদিও ইয়াৰ পিছতো তেওঁ পইণ্ট তালিকাৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়।

উজবেকিস্তানৰ জভোহিৰ সিনদারে (যি এই বছৰৰ পিছত বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত ডি গুকেশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব) ১২ পইণ্টৰ সৈতে প্ৰজ্ঞানন্দৰ ঠিক পিছতেই দ্বিতীয় স্থানত আছে। যদিও প্ৰজ্ঞানন্দই অন্তিম ৰাউণ্ডত পৰাজয় বৰণ কৰিলে, তথাপিও তেওঁ নিকটতম প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ১ পইণ্টৰ লিড বজাই ৰাখিবলৈ সমৰ্থ হয়।

ৰেপিড পৰ্যায়ৰ খেলবোৰ সমাপ্ত হোৱাৰ পিছত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে ব্লিটজ (Blitz) পৰ্যায়ৰ ওপৰত। ব্লিটজ পৰ্যায়ত মুঠ ১৮ খন খেল খেলা হ’ব, য’ত বিজয়ী নিৰ্ধাৰণ কৰা হ’ব ২,০০,০০০ ডলাৰৰ পুৰস্কাৰ ধনৰ বাবে। প্ৰজ্ঞানন্দই যদি অন্তিম ৰাউণ্ডৰ মেচখনত জয়লাভ কৰিলেহেঁতেন, তেন্তে তেওঁ ব্লিটজ পৰ্যায়লৈ অধিক নিৰাপদ লিড লৈ আগবাঢ়িব পাৰিলেহেঁতেন।

উল্লেখ্য যে, এই ৰেপিড পৰ্যায়ত প্ৰজ্ঞানন্দই চাৰিখন মেচত জয়লাভ (প্ৰতিখন জয়ৰ বাবে ২ পইণ্টকৈ) আৰু চাৰিখন মেচ ড্ৰ’ কৰি মুঠ ১২ পইণ্ট অৰ্জন কৰে। ৰেপিড পৰ্যায়ৰ সফল সমাপ্তিৰ পিছতে এতিয়া তেওঁ ১৮ খন ব্লিটজ মেচৰ বাবে সাজু হৈছে, য’ত প্ৰতিটো জয়ে ১ পইণ্ট কঢ়িয়াই আনিব।

সিনদৰৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেছলি চ’ই ১০ পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে। ইয়াৰ লগতে লেভন আৰোৱানিয়ান, আনিশ গিৰি, লেইনাৰ ডমিংগুৱেজ পেৰেজ আৰু ভিনচেণ্ট কেইমাৰে ৯ পইণ্টকৈ লাভ কৰি প্ৰতিযোগিতাত নিজৰ স্থান মজবুত কৰি ৰাখিছে।