ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত লিখে, "অসমত বানৰ ফলত হোৱা মৰ্মান্তিক প্ৰাণহানি আৰু ব্যাপক ধ্বংসলীলাই মোৰ মন অতিশয় মৰ্মাহত কৰিছে। এই দুৰ্যোগপূৰ্ণ সময়ত দুৰ্ভগীয়া পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা থাকিল। মই এই দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিজন লোকৰ সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে উদ্ধাৰ, সাহায্য তথা পুনৰ সংস্থাপনৰ কামত নিয়োজিত জোৱান আৰু কৰ্মীসকলৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰিছোঁ।" তেওঁ লগতে কয় যে এই কঠিন সময়ত সমগ্ৰ দেশে অসমৰ জনসাধাৰণৰ কাষত থিয় দিছে
প্ৰধানমন্ত্ৰীয়ে ল'লে বান পৰিস্থিতিৰ বুজ:
ৰাষ্ট্ৰপতিৰ এই বাৰ্তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টেলিফোনযোগে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ বানৰ ভয়াবহতা, চলি থকা সাহায্য অভিযান আৰু জমিনস্তৰত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বুজ লয়। এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালপৰা প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়োৱা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে এই সংকটৰ ক্ষণত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতালৈ ধন্যবাদ জ্ঞাপন কৰে
ৰাজ্যত বানৰ সংহাৰী ৰূপ আৰু মৃত্যুৰ সংখ্যা:
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ (ASDMA)-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত বানৰ সংহাৰী ৰূপ অব্যাহত আছে আৰু বানজনিত কাৰণত প্ৰাণ হেৰুওৱা লোকৰ সৰ্বমুঠ সংখ্যা ৬২ গৰাকীলৈ বৃদ্ধি পাইছে। বৰ্তমান ৰাজ্যৰ গোলাঘাট, চৰাইদেউ, ডিব্ৰুগড়, হোজাই, নগাঁও, বিশ্বনাথ, যোৰহাট, ধেমাজি, শিৱসাগৰ, শোণিতপুৰ, কামৰূপ (মহানগৰ) আৰু কাৰ্বি আংলং আদি প্ৰধান জিলাৰ ৭.০৫ লাখৰো অধিক লোক বানৰ দ্বাৰা পোনপটীয়াভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত শিৱসাগৰ জিলাত সৰ্বাধিক ৩ লাখতকৈ অধিক লোক বানাক্ৰান্ত হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য সামগ্ৰী বিতৰণৰ কাম যুদ্ধকালীন গতিৰে অব্যাহত ৰখা হৈছে