এই সংকটজনক পৰিস্থিতিত বানপীড়িত শিক্ষাৰ্থীসকলৰ কাষত থিয় দিছে 'পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড, নৰ্থ-ইষ্ট'। গীল্ডৰ তৰফৰ পৰা ঘোষণা কৰা অনুসৰি, ৰাজ্যৰ বানত সৰ্বস্বান্ত হোৱা প্ৰায় ৫ হাজাৰ গৰাকী শিক্ষাৰ্থীক কিতাপ-পত্ৰ আৰু অন্যান্য জৰুৰী শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰকাশক, গ্ৰন্থ বিক্ৰেতা, বিভিন্ন সংস্থা লগতে বহুৰকম ব্যক্তিয়ে এই মহৎ কার্যৰ বাবে আৰ্থিক তথা অন্যান্য সহযোগিতা আগবঢ়াইছে।
এই সাহায্য প্ৰদান কাৰ্যসূচী সন্দৰ্ভত গীল্ডৰ সম্পাদক তথা প্ৰকাশক ধীৰাজ গোস্বামীয়ে প্ৰকাশ কৰে যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই সহযোগিতা ১০০ টকাৰ পৰা আৰম্ভ কৰি এক-দুই লাখ টকালৈকে বৃদ্ধি পাইছে। সমাজৰ বিভিন্ন স্তৰৰ পৰা অহা এই সহাঁৰিয়ে বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াত আৰু তেওঁলোকৰ পঢ়া-শুনাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰকাত বিশেষ সহায়ক হ’ব বুলি আশা কৰা হৈছে।