গ্লাছগো: কমনৱেলথ গেমছ ২০২৬ত ভাৰতীয় ভাৰত্তোলক লাভপ্ৰীত সিঙে এক স্মৰণীয় প্ৰদৰ্শন দাঙি ধৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। পুৰুষৰ +১১০ কেজি ওজন শ্ৰেণীত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি লাভপ্ৰীটে স্মেচ শাখাত কমনৱেলথ গেমছৰ নতুন ৰেকৰ্ড গঢ়াৰ লগতে সোণৰ পদকৰ অতি কাষ চাপি গৈ অৱশেষত ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। নিউজিলেণ্ডৰ ডেভিড এণ্ড্ৰু লিটিৰ ঠিক ১ কিলোগ্ৰাম পিছত থাকি তেওঁ এই গুৰুত্বপূৰ্ণ পদকটো নিশ্চিত কৰে।  

২৮ বছৰীয়া লাভপ্ৰীটে মুঠ ৩৮৮ কেজি ওজন তুলি (স্মেচত ১৭৬ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ২১২ কেজি) এই সাফল্য অর্জন কৰে। ইফালে, স্বৰ্ণ জয়ী নিউজিলেণ্ডৰ লিটিয়ে মুঠ ৩৮৯ কেজি (১৬৬ কেজি + ২২৩ কেজি) ওজন তুলি নতুন গেমছ ৰেকৰ্ডেৰে সোণৰ পদক দখল কৰে। ইয়াৰ পূৰ্বে ২০২২ৰ সংস্কৰণতো ব্ৰঞ্জৰ পদক লাভ কৰা লাভপ্ৰীটে এইবাৰ পদকৰ ৰং সলনি কৰি উন্নত প্ৰদৰ্শন আগবঢ়ালে।

অতি সাধাৰণ পৰিয়ালৰ সংগ্ৰামী যাত্ৰা:

পঞ্জাবৰ অমৃতসৰ জিলাৰ বাল ছিকান্দৰ গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালত লাভপ্ৰীতৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন দৰ্জী হোৱাৰ বিপৰীতে ককাক আৰু খুৰীয়েকে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল প্ৰতিপালন কৰিছিল। প্ৰশিক্ষণলৈ যোৱাৰ পূৰ্বে লাভপ্ৰীটে প্ৰতিদিনিয়েই পুৱতি নিশাই শাক-পাচলি বজাৰত তেওঁলোকক সহায় কৰিছিল। পৰিয়ালৰ সীমাহীন অভাৱ-অনাটন আৰু সংগ্ৰামক নেওচি অষ্টম শ্ৰেণীতে ভাৰত্তোলনৰ প্ৰতি আকৃষ্ট হোৱা লাভপ্ৰীটে ডেভী গ্ৰাউণ্ডত নিজৰ অনুশীলন আৰম্ভ কৰিছিল।  

স্মেচত নতুন ৰেকৰ্ড আৰু সোণৰ সংগ্ৰাম:

প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰাই লাভপ্ৰীত সুন্দৰ ফৰ্মত আছিল। স্মেচৰ প্ৰথম প্ৰচেষ্টাত ১৬৮ কেজি আৰু দ্বিতীয়তে ১৭৩ কেজি তুলি তেওঁ নিজৰ আধিপত্য বিস্তাৰ কৰে। ইয়াৰ পিছতে নিজৰ তৃতীয় তথা অন্তিম প্ৰচেষ্টাত নিখুঁতভাৱে ১৭৬ কেজি ওজন তুলি তেওঁ গেমছৰ পুৰণি ৰেকৰ্ড ভঙাৰ লগতে নিকটতম প্ৰতিদ্বন্দীসকলক ১০ কেজিৰ ব্যৱধানেৰে পিছ পেলাই অগ্ৰণী ভূমিকা লয়।  

অৱশ্যে, ক্লীন এণ্ড জাৰ্কৰ ৰাউণ্ডত নিউজিলেণ্ডৰ ডেভিদ লিটিয়ে আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰে। লাভপ্ৰীটে তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন দি ২১২ কেজি ওজন সফলভাৱে তুলি ধৰে। সোণৰ পদক নিশ্চিত কৰাৰ লক্ষ্যৰে লাভপ্ৰীটে নিজৰ অন্তিম প্ৰচেষ্টাত ২১৭ কেজিৰ এক ডাঙৰ ওজন তুলিবলৈ চেষ্টা চলায় যদিও তাৰ ওপৰলৈ জাৰ্ক কৰাত সফল হ'ব নোৱাৰিলে। ইয়াৰ সুযোগ লৈ লিটিয়ে ক্লীন এণ্ড জাৰ্কত ২২৩ কেজিৰ বিশাল ওজন তুলি গেমছৰ নতুন ৰেকৰ্ডেৰে অতি কম ব্যৱধানেৰে সোণৰ পদক কাঢ়ি লয়। 

 সামগ্ৰিকভাৱে, লাভপ্ৰীতৰ এই ৰূপৰ পদকে ভাৰতীয় শিবিৰলৈ এক নতুন উৎসাহ কঢ়িয়াই আনিছে আৰু এজন দৰ্জীৰ পুত্ৰৰ এই বিশ্বজয়ী যাত্ৰাই সমগ্ৰ দেশবাসীকে অনুপ্ৰাণিত কৰিছে।