ডিমা হাছাও: ৰাজ্যৰ পাহাৰীয়া জিলা ডিমা হাছাওত প্ৰবল বৰষুণৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে। জিলাখনৰ নিউ হৰাংজাজিত ৰেলপথৰ তলৰ মাটি খহি পৰাৰ ফলত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NFR) লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডত ৰেল চলাচল বিঘ্নিত হৈ পৰিছে।

ৰে’ল বিভাগৰ সূত্ৰে প্ৰকাশ পোৱা মতে, নিউ হৰাংজাজি ৰে’ল ষ্টেচনৰ সমীপৰ ১ আৰু ২ নম্বৰ লাইনৰ প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ ৰেলপথৰ তলৰ মাটি ধহিপৰে। বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ ফলত ৰেলৰ লোহাৰ ট্ৰেকসমূহ ভাঁজ খাই পৰে আৰু যাতায়াতৰ বাবে অত্যন্ত বিপদজনক হৈ পৰে।

নিয়মিত পৰিদৰ্শনত ধৰা পৰে ক্ষতি:

ৰে’ল বিভাগৰ নিয়মীয়া নিৰীক্ষণৰ সময়তে ১১৮/১-৩ কিলোমিটাৰ অংশত এই ভয়াবহ ক্ষতি ধৰা পৰে। লগে লগে যাত্ৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি উক্ত ক্ষতিগ্ৰস্ত লাইন দুডালত তাৎক্ষণিকভাৱে ৰেল চলাচল স্থগিত ৰখা হয়।

এই দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ সুবিধাৰ্থে কেইবাখনো গুৰুত্বপূৰ্ণ এক্সপ্ৰেছ ট্ৰেইন বাতিল কৰিছে:

  • ২৪ জুলাইৰ ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ।

  • ২৫ জুলাইৰ ১৫৬১৬ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ।

বিকল্প ব্যৱস্থা আৰু মেৰামতিৰ কাম:

সম্পূৰ্ণ সুৰক্ষা প্ৰটোকল মানি নিউ হৰাংজাজিত কেৱল ৩ নম্বৰ লাইনৰ জৰিয়তেহে যাত্ৰী আৰু মালবাহী ট্ৰেইনসমূহ সৰ্বাধিক প্ৰতি ঘণ্টাত ১০ কিলোমিটাৰ গতিবেগেৰে চলোৱা হৈছে। এই কাৰণেই বিভিন্ন ষ্টেচনত কেইবাখনো ৰেলৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছে বা পলম হৈছে।

ক্ষতিগ্ৰস্ত অংশটো পুনৰ নিৰ্মাণ কৰিবলৈ ৰে’ল বিভাগৰ অভিযন্তা, ট্ৰেক মেৰামতি কৰ্মী আৰু কাৰিকৰী দল যুদ্ধকালীন তত্পৰতাৰে নামি পৰিছে। মাটি ভৰোৱা, ট্ৰেক স্থিৰ কৰা আৰু পুনৰ সজাই তোলাৰ কাম অব্যাহত আছে। ইফালে, জ্যেষ্ঠ ৰে’ল কর্মকর্তাসকলে সমগ্ৰ পৰিস্থিতিটো তক্ষকভাৱে নিৰীক্ষণ কৰি নিয়মীয়া সুৰক্ষা পৰীক্ষা চলাই আছে।

ৰে’ল বিভাগে যাত্ৰীসকলক যাত্ৰা কৰাৰ পূৰ্বে ৰেলৰ শেহতীয়া চলনৰ অৱস্থা (Running Status) পৰীক্ষা কৰি ল’বলৈ অনুৰোধ জনাইছে। মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে ১ আৰু ২ নম্বৰ লাইনত স্বাভাৱিক ৰেল চলাচল পুনৰ আৰম্ভ হ’ব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।