গুৱাহাটী: অসমৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক আনন্দদায়ক খবৰ কঢ়িয়াই আনিছে নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখনে। ৰাজ্যখনৰ সংৰক্ষিত বনাঞ্চলখনত প্ৰথমবাৰৰ বাবে এক অতি বিৰল প্ৰজাতিৰ পৰিভ্ৰমী স্মিউ (Mergellus albellus) চৰাই দেখিবলৈ পোৱা গৈছে। দেওবাৰে অসমৰ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা প্ৰকাশ কৰি ইয়াক সংৰক্ষণৰ ক্ষেত্রত এক ডাঙৰ মাইলৰ খুঁটি বুলি অভিহিত কৰে।  

প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ অনুষ্ঠিত হোৱা সপ্তম কাজিৰঙাৰ জলচৰ চৰাই গণনা ২০২৬ (7th Kaziranga Waterbird Count 2026) বেলি এই বিৰল পক্ষীবিধৰ উপস্থিতি নজৰলৈ আহে। জৰীপকাৰী দলসমূহে লাওখোৱাৰ অন্তৰ্গত ৰৌমাৰী, দন্দুৱা আৰু মোৱামাৰী বিলকে ধৰি গুৰুত্বপূৰ্ণ জলাশয়সমূহত চৰাইৰ ব্যাপক উপস্থিতি আৰু প্ৰজাতিৰ চহকী বৈচিত্ৰ্য লক্ষ্য কৰে। স্মিউ পক্ষীটোৰ লগতে অভয়াৰণ্যখনত বিলুপ্তপ্ৰায় বেংগল ফ্ল’ৰিকানৰো (Bengal Florican) সন্ধান পোৱা গৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

সামাজিক মাধ্যম এক পোষ্ট যোগে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই বিৰল পৰিভ্ৰমী চৰাইৰ উপস্থিতিয়ে লাওখোৱাৰ জলাশয়সমূহৰ পৰিৱেশগত সুস্বাস্থ্য আৰু গুৰুত্ব প্ৰতিপন্ন কৰিছে। শীতকালত দূৰ-দূৰণিৰ পৰা অহা জলচৰ চৰাইৰ বাবে এই অঞ্চলসমূহ যে অত্যন্ত নিৰাপদ, সেয়া এই ঘটনাই স্পষ্ট কৰিছে।

বনাঞ্চলখনৰ জৈৱ বৈচিত্ৰ্য নিৰীক্ষণ অধিক শক্তিশালী কৰাৰ বাবে প্ৰশাসনে বিশেষ পদক্ষেপ হাতত লৈছে। জলাশয়সমূহৰ ইক’লজিকেল সন্তুলন নষ্ট কৰা অবৈধ মৎস্য চিকাৰ আৰু অন্যান্য বে-আইনী কাৰ্যকলাপৰ বিৰুদ্ধে বন বিভাগখনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইতিমধ্যে অবৈধ মাছ ধৰাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত টহলদাৰী বৃদ্ধি কৰা হৈছে।  

উল্লেখ্য যে মধ্য অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত ৭০.১৩ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত লাওখোৱা অভয়াৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা গুৰুত্বপূৰ্ণ বাফাৰ অঞ্চল। এই অভয়াৰণ্যত এশিঙীয়া গঁড়, হাতী, বাঘৰ লগতে দুশৰো অধিক প্ৰজাতিৰ চৰাইচিৰিকি আৰু জলজ প্ৰাণীয়ে বসতি কৰে। বন বিভাগৰ শেহতীয়া তৎপৰতা আৰু বৈজ্ঞানিক নিৰীক্ষণে লাওখোৱাৰ প্ৰাকৃতিক পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে বুলি সংশ্লিষ্ট মহলে মত প্ৰকাশ কৰিছে।