ভাৰতীয় ক্ৰিকেট দললৈ পুনৰ ঘূৰি আহিল প্ৰতিভাশালী বেটছমেন ছৰফৰাজ খান। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত শ্ৰীলংকাৰ বিৰুদ্ধে হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাৰ বাবে তেওঁক ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। আঘাতপ্ৰাপ্ত বাওঁহতীয়া বেটছমেন ছাই সুদৰ্শনৰ বিকল্প হিচাপে তেওঁক দলত স্থান দিয়া হৈছে।
দদলৈ নিৰ্বাচিত হোৱাৰ পিছতে ছৰফৰাজ খানে ইনষ্টাগ্ৰামত ভাৰতীয় দলৰ ট্ৰেইনিং জাৰ্চি পৰিধান কৰি পিতৃ তথা প্ৰাক্তন ক্ৰিকেটাৰ-কোচ নৌছাদ খানৰ সৈতে এটি আকৰ্ষণীয় ছবি আপলোড কৰে। তেওঁৰ এই ছচিয়েল মিডিয়া প’ষ্টে বৰ্তমান ক্ৰিকেট মহলত ব্যাপক চৰ্চা লাভ কৰিছে।