শ্বিলঙত সংঘটিত এক হিংসাত্মক ঘটনাই অসম-মেঘালয় সীমান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ১৯ আগষ্টত শ্বিলঙত একাংশ দুৰ্বৃত্তই অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত বুধবাৰে পুৱাৰে পৰা যোৰাবাটত উত্তাল পৰিস্থিতি বিৰাজ কৰিছে।

কি হৈছিল শ্বিলঙত?
বুধবাৰে শ্বিলঙত খাচী ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। অভিযোগ অনুসৰি, সেই প্ৰতিবাদৰ মাজতে একাংশ লোকে অসমৰ পৰ্যটক আৰু বাহন লক্ষ্য কৰি আক্ৰমণ চলায়। এই ঘটনাত বহু কেইখন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শিশুসহ কেইবাজনো পৰ্যটক আঘাতপ্ৰাপ্ত হয়।

যোৰাবাটত প্ৰতিবাদৰ ঢল:
এই ঘটনাৰ প্ৰতিবাদত বুধবাৰে পুৱাৰে পৰা কেব চালক সন্থা, টুৰিষ্ট টেক্সি সন্থা আৰু বীৰ লাচিত সেনাকে ধৰি বিভিন্ন জাতীয় সংগঠনে যোৰাবাটত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ পৰা অসমলৈ অহা প্ৰতিখন বাহনৰ প্ৰৱেশ পথত বাধা প্ৰদান কৰে। বহুসংখ্যক বাহন যোৰাবাটৰ পৰাই ওভতাই পঠিওৱা হয়। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে অসমৰ বাহনত থকা মেঘালয়ৰ যাত্ৰীসকলকো নমাই দিয়া পৰিলক্ষিত হৈছে।

নেতাৰ প্ৰতিক্ৰিয়া:
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এই ঘটনাৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, "অসমৰ লোকসকলে কিমান দিন আৰু মেঘালয়ত আক্ৰমণৰ বলি হ'ব? আমাৰ ধৈৰ্যৰ সীমা পাৰ হৈছে। যদি চৰকাৰে ইয়াৰ স্থায়ী সমাধান নকৰে, তেন্তে প্ৰত্যাক্ৰমণ হ'ব।"

মুখ্যমন্ত্ৰীৰ পৰ্যায়ত আলোচনা:
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক আলোচনা কৰে। ড৹ শৰ্মাই সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাক পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ ৰাখিবলৈ নিৰ্দেশ দিছে। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়েই ৰাইজক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে।

বৰ্তমান যোৰাবাটত সীমান্তত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে যদিও মেঘালয়ৰ বাহন আৱদ্ধ হৈ থকাৰ ফলত এক বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে। অসমৰ পৰ্যটকৰ নিৰাপত্তা নিশ্চিত নোহোৱালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিছে।