তেজপুৰ: অসমত অব্যাহত থকা প্ৰলয়ংকৰী বান পৰিস্থিতিৰ মাজতে শিৱসাগৰ জিলাৰ শিমলুগুৰি অঞ্চলত ৰে’ল চলাচলত গুৰুত্বপূর্ণ ব্যাঘাত জন্মিছে। ডিখৌ নদীৰ বাঢ়নী পানীয়ে শিমলুগুৰি ষ্টেচন ইয়াৰ কাষৰীয়া অঞ্চল প্লাবিত কৰাৰ ফলত উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে (NFR) একাধিক যাত্ৰীবাহী ৰে’লৰ সেৱা বাতিল, পথ পৰিৱৰ্তন আৰু আংশিক বাতিল কৰাৰ বাধ্য হৈছে।
মঙলবাৰে গুৱাহাটীৰ মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ মুখ্য জনসংযোগ বিষয়াই জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে। তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত শিমলুগুৰি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত হোৱা প্ৰবল বৰষুণৰ ফলত ৰে’লপথ পানীৰ তলত ডুব যোৱাত যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালনাগত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।
পথ পৰিৱৰ্তন কৰা ৰে’লসমূহ:
বিজ্ঞপ্তি অনুসৰি, ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ, ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ, অবধ আছাম এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ আৰু অমৃত ভাৰত এক্সপ্ৰেছকে ধৰি একাধিক দূৰণিবটীয়া ৰে’ল ৩০ আৰু ৩১ জুলাইত উত্তৰ লখিমপুৰ-ৰঙাপৰা নৰ্থ-ৰঙিয়া-নিউ বঙাইগাঁও বিকল্প পথেৰে চলাচল কৰিব। ইফালে, নিউ তিনিচুকীয়া-এছএমভিটি বেংগালুৰু ছুপাৰফাষ্ট এক্সপ্ৰেছৰ পথো ৩১ জুলাইত সলনি কৰা হৈছে। একেদৰে ডিব্ৰুগড় অভিমুখী হাওড়া-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ, কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ আদি ৰে’লো বিকল্প পথেৰে চলিব।
আংশিক বাতিল আৰু সমাপ্তি:
গুৱাহাটী-ডিব্ৰুগড় নাগালেণ্ড এক্সপ্ৰেছে ৩০ জুলাইত মৰিয়নীত যাত্ৰা সমাপ্ত কৰিব আৰু মৰিয়নী-ডিব্ৰুগড় অংশত সেৱা বন্ধ থাকিব। আনহাতে, ডিব্ৰুগড়-গুৱাহাটী নাগালেণ্ড এক্সপ্ৰেছে ৩১ জুলাইত মৰিয়নীৰ পৰা যাত্ৰা আৰম্ভ কৰিব যদিও ডিব্ৰুগড়-মৰিয়নী অংশত ৰে’ল চলাচল স্থগিত ৰখা হ’ব।
বান পৰিস্থিতিৰ বাবে তলত উল্লেখিত ৰে’লসমূহ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে:
যোৰহাট টাউন-তিনিচুকীয়া যাত্ৰীবাহী ৰে’ল তিনিচুকীয়া-লামডিং ডিমৌগুৱাহাটী-লিডু আৰু লিডু-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছৰঙিয়া-নিউ তিনিচুকীয়া ইণ্টাৰচিটি এক্সপ্ৰেছলিডু-ৰঙিয়া ইণ্টাৰচিটি এক্সপ্ৰেছ শিমলুগুৰি-ডিব্ৰুগড় যাত্ৰীবাহী ৰে’ল
ৰে’ল বিভাগে জনোৱা মতে, বানপীড়িত অংশত ৰে’ল চলাচল ত্বান্বিত আৰু স্বাভাৱিক কৰিবলৈ শীৰ্ষ ৰে’ল বিষয়াসকলৰ তত্বাৱধানত অভিযান্ত্ৰিক দলসমূহে ২৪ ঘণ্টাই যুদ্ধকালীন তত্পৰতাৰে কাম কৰি আছে। যাত্ৰীসকলক কোনো অসুবিধাৰ পৰা হাত সৰিবলৈ যাত্ৰাৰ পূৰ্বে নিজ নিজ ৰে’লৰ শেহতীয়া স্থিতি (Train Status) নিশ্চিত কৰি ল’বলৈ বিশেষভাৱে অনুৰোধ জনোৱা হৈছে।