ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলী আৰু তেওঁৰ পত্নী ডোনা গাংগুলীক প্ৰাণে মমাৰাৰ ভাবুকি দিয়াৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনাৰ পিছতে কলিকতা আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে।

পৰিয়ালৰ সূত্ৰে প্ৰকাশ পাইছে যে বিগত ছয় মাহ ধৰি এনে কেইখনমান ভাবুকিপূৰ্ণ চিঠি আহি আছিল। প্ৰথম অৱস্থাত এই কথাবোৰ অতি উৎসাহী অনুৰাগীৰ মইমতালি বুলি আওকাণ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ অহা চিঠিখনত ব্যৱহাৰ কৰা আক্ৰমণাত্মক ভাষা আৰু বাৰে বাৰে অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়।

সোমবাৰে দক্ষিণ কলিকতাৰ ঠাকুৰপুকুৰ আৰক্ষী থানাত সৌৰভ গাংগুলীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এটা আনুষ্ঠানিক লিখিত অভিযোগ দাখিল কৰা হয়। অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী, তেওঁৰ পত্নী ডোনা গাংগুলী আৰু তেওঁলোকৰ কৰ্মচাৰীসকলক লক্ষ্য কৰি এই ভাবুকি প্ৰদান কৰা হৈছে।

কলকাতা আৰক্ষীয়ে অভিযোগটো গুৰুত্বসহকাৰে গ্ৰহণ কৰি তদন্ত তীব্ৰতৰ কৰি তুলিছে। চিঠিৰ উৎস, কুৰিয়াৰ ট্ৰেইল আৰু ইয়াৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ পাশাপাশি, ৰাজ্য চৰকাৰৰ নিৰাপত্তা বিভাগকো অৱগত কৰা হৈছে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বৰ্তমান সৌৰভ গাংগুলীক 'ৱাই-শ্ৰেণী'ৰ (Y-category) নিৰাপত্তা প্ৰদান কৰা হৈছে।