পানী খোৱাক লৈ কেনেদৰে সূত্রপাত হৈছিল বিবাদ?
প্ৰাপ্ত খবৰ অনুসৰি, ক্ৰিকেট মাৰ্জিনৰ এটা প্ৰশিক্ষণ শিবিৰত অনুশীলন চলাই থকা ক্ৰিকেট খেলুৱৈসকল পিয়াহত পানী খাবলৈ যাওঁতে পানীৰ টেপটোত পানী পোৱা নাছিল। পানী নথকাটোক লৈ খেলুৱৈসকল আৰু ক্লাৱৰ কৰ্মচাৰীসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হয়। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত প্ৰশিক্ষক সুমিত ফাৰ্নাডোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহে। তেনে সময়তে খেলুৱৈসকলৰ সৈতে হোৱা হতাহতি আৰু মাৰপিটত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
হাস্পতালত মৃত্যু আৰু গ্ৰেপ্তাৰ:
ঘটনাৰ দিনটোত অৰ্থাৎ যোৱা ৮ আগষ্টত আঘাতপ্ৰাপ্ত হোৱাৰ পাছত প্ৰশিক্ষকগৰাকীক ততাতৈয়াকৈ কলম্বোৰ ৰাষ্ট্ৰীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু ঘটে। এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ১৭ বছৰীয়া এজন স্কুলীয়া ক্ৰিকেট খেলুৱৈক গ্ৰেপ্তাৰ কৰি শিশু প্ৰতিবন্ধক জিম্মাত প্ৰেৰণ কৰিছে।
কুশল মেণ্ডিছৰ প্ৰশিক্ষক আছিল সুমিত ফাৰ্নাডো:
মৰতুৱাৰ প্ৰিন্স অৱ ওৱেলছ কলেজৰ প্ৰাক্তন প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা সুমিত ফাৰ্নাডোৱে শ্ৰীলংকাৰ টেষ্ট তথা এদিনীয়া দলৰ তাৰকা খেলুৱৈ কুশল মেণ্ডিছৰ স্কুলীয়া দিনত তেওঁক ক্ৰিকেটৰ কৌশল শিকাইছিল। তেওঁৰ তত্ত্বাৱধানতে বহু কেইজন প্ৰতিভাশালী যুৱ খেলুৱৈয়ে ক্ৰিকেট জগতত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ব্লুমফিল্ড ক্ৰিকেট এণ্ড এথলেটিক ক্লাৱৰ কিউৰেটৰ হিচাপেও সেৱা আগবঢ়াইছিল। বৃহস্পতিবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।