নতুন দিল্লী: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দেশখনৰ নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে ভাৰতৰ ভোটাৰ পৰিচয়পত্ৰ ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰিছে। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সৈতে হোৱা আলোচনাৰ প্ৰসংগ উল্লেখ কৰি ট্ৰাম্পে আমেৰিকাত প্ৰতিজন ভোটাৰৰ বাবে ফটো পৰিচয়পত্ৰ বাধ্যতামূলক কৰিবলৈ আহ্বান জনাইছে।

'ছেভ আমেৰিকা আইন' (SAVE America Act)ৰ সমৰ্থনত নিজৰ মতামত ব্যক্ত কৰি ট্ৰাম্পে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'ট্ৰুথ ছ'চিয়েল'ত কয় যে, বৈধ ফটো পৰিচয়পত্ৰ অবিহনে কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে, সেয়া ভাৰতীয় নিৰ্বাচন আয়ুক্তই তেওঁৰ প্ৰশাসনক প্ৰশ্ন কৰিছিল।

ট্ৰাম্পে লগতে উল্লেখ কৰে যে, শেহতীয়া ভাৰতীয় সাধাৰণ নিৰ্বাচনত প্ৰায় ৬৪.৬ কোটি ভোটাৰে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে ১ শতাংশতকৈও কম ভোটাৰেহে ডাকযোগে ভোটদান কৰিছিল। প্ৰতিজন ভোটাৰৰ হাতত থকা বৈধ ফটো পৰিচয়পত্ৰৰ ব্যৱস্থাটোক তেওঁ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে।

উল্লেখ্য যে, ট্ৰাম্পে উত্থাপন কৰা 'ছেভ আমেৰিকা আইন' গৃহীত হ'লে আমেৰিকাত ভোটাৰ পঞ্জীয়নৰ সময়ত নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰাটো বাধ্যতামূলক হ'ব। লগতে, দেশজোৰা ভোটাৰ পৰিচয়পত্ৰ প্ৰণয়ন আৰু মেইলযোগে ভোটদানৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপৰ প্ৰস্তাৱ কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই পদক্ষেপক নিৰ্বাচনী প্ৰৱঞ্চনা ৰোধৰ দিশত এক গুৰুত্বপূৰ্ণ প্ৰয়াস বুলি অভিহিত কৰিছে।