লণ্ডন: যুক্তৰাজ্যৰ (ইউকে) এয়াৰ ট্ৰেফিক কন্ট্ৰোল ব্যৱস্থাত দেখা দিয়া এক গুৰুতৰ কাৰিকৰী বিজুটিৰ বাবে সমগ্ৰ দেশখনৰ বিমান প্ৰক্ৰিয়াত তীব্ৰ বিশৃঙ্খলা সৃষ্টি হৈছে। ফ্লাইট ট্ৰ্যাকিং ৱেবছাইট 'ফ্লাইটৰাডাৰ২৪' (Flightradar24) ৰ তথ্য অনুসৰি, এই কাৰিকৰী বিসংগতিৰ ফলত ১,০০০ ৰো অধিক বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে। ইয়াৰ পৰিণামত যুক্তৰাজ্যৰ বিভিন্ন বিমানবন্দৰত হাজাৰ হাজাৰ যাত্ৰী ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰে।

ব্ৰিটেইনৰ নেচনেল এয়াৰ ট্ৰেফিক ছাৰ্ভিচেছে (NATS) প্ৰকাশ কৰা মতে, তেওঁলোকৰ ‘ফ্লাইট প্ৰচেছিং চিষ্টেম’ত হঠাতে কাৰিকৰী বিজুটিয়ে দেখা দিছিল। পৰৱৰ্তী সময়ত নিশালৈ অভিযন্তাসকলে এই সমস্যাক নিয়ন্ত্ৰণলৈ আনি ব্যৱস্থাটো পুনৰ সক্ৰিয় কৰি তোলে যদিও বিমানবন্দৰসমূহত ইতিমধ্যে ৰদ আৰু পলম হোৱা বিমানৰ বৃহৎ যানজঁট (Backlog) আঁতৰাবলৈ এতিয়াও যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে।

লণ্ডনৰ হিথ্ৰ’ (Heathrow), গ্যাটৱিক (Gatwick), ষ্টেনষ্টেড (Stansted), মানচেষ্টাৰ, বাৰ্মিংহাম আৰু স্কটলেণ্ডকে ধৰি পোন্ধৰটাতকৈও অধিক বিমানবন্দৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। কেইবাটাও বিমানত যাত্ৰীসকলক বিমানৰ ভিতৰতে ৩ ৰ পৰা ৪ ঘণ্টা পৰ্যন্ত বহুৱাই ৰখাৰ পিছত শেষমুহূৰ্তত ফ্লাইট বাতিল কৰা বুলি ঘোষণা কৰা হয়।

ইফালে, ব্ৰিটিছ এয়াৰৱেজ (British Airways), ৰায়ানেয়াৰ (Ryanair), ইজিজেট (EasyJet), কেএলএম (KLM) আৰু লুফথানছাৰ (Lufthansa) দৰে আগশাৰীৰ বিমান সংস্থাসমূহৰ সেৱাত বিৰূপ প্ৰভাৱ পৰিছে। ব্ৰিটিছ এয়াৰৱেজে ১০০ ৰো অধিক ফ্লাইট বাতিল অথবা গতিপথ সলনি কৰিবলৈ বাধ্য হৈছে। আনহাতে, ৰায়ানেয়াৰে জনোৱা মতে, এই বিজুটিৰ বাবে তেওঁলোকৰ ৬৫,০০০ তকৈও অধিক যাত্ৰী প্ৰভাৱিত হৈছে। ভাৰতীয় বিমান সংস্থা 'এয়াৰ ইণ্ডিয়া'ইও যুক্তৰাজ্যলৈ চলাচল কৰা বিমান সেৱাত ব্যাঘাত জন্মাৰ কথা নিশ্চিত কৰিছে।

বিমান সংস্থাসমূহে সমগ্ৰ পৰিস্থিতি তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল বুলি উল্লেখ কৰি যাত্ৰীসকলক হোৱা অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছে। অনাকাংক্ষিত এই কাৰিকৰী সমস্যাক লৈ বিমানবন্দৰসমূহত যাত্ৰীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱা দেখা গৈছে। যাত্ৰীসকলক বিমানবন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে নিজ নিজ বিমানৰ অৱস্থা (Flight Status) পৰীক্ষা কৰি চাবলৈ কতৃপক্ষই অনুৰোধ জনাইছে।