তিনিচুকীয়া: ৰাজ্যৰ নিৰাপত্তা বাহিনীৰ বাবে এক ইতিবাচক খবৰৰ লগতে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বাধীণ) বা ULFA-I ৰ বাবে আন এক টাটকা আঘাত হিচাপে, সংগঠনটোৰ এজন জ্যেষ্ঠ কেডাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। সোমবাৰে তিনিচুকীয়া জিলা আৰক্ষীৰ কাষ চাপি মূলসুঁতিলৈ উভতি আহে জ্যেষ্ঠ কেডাৰগৰাকী।
নিৰাপত্তা বাহিনীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি, আত্মসমৰ্পণ কৰা জ্যেষ্ঠ কেডাৰজন হ’ল অনলজয় অসম। তেওঁ দীৰ্ঘদিন ধৰি ম্যানমাৰৰ ইয়াজং (Yajong) অঞ্চলত আত্মগোপন কৰি আছিল। ম্যানমাৰত থাকি তেওঁ তাত এগৰাকী বাৰ্মিজ (ম্যানমাৰৰ) মহিলাক বিবাহ কৰাই তেমিনেই বসবাস কৰি আহিছিল বুলিও জানিব পৰা গৈছে। অৱশেষত সকলো মোহ ত্যাগ কৰি তেওঁ হিংসাত্মক পথ পৰিহাৰ কৰি শান্তিপূৰ্ণভাৱে সমাজৰ মূলসুঁতিলৈ উভতি অহাৰ সিদ্ধান্ত লয়।
শেহতীয়া কেইবছৰমানত নিৰাপত্তা সংস্থাসমূহৰ ধাৰাবাহিক হেঁচা আৰু কেডাৰসকলৰ ক্ৰমাগত গৃহৱাস তথা আত্মসমৰ্পণৰ ফলত আলফা-আই সংগঠনটো ক্ৰমে দুৰ্বল হৈ পৰিছে। এনে এক সময়তে অনলজয় অসমৰ দৰে এজন জ্যেষ্ঠ কেডাৰে অস্ত্ৰ সম্বৰ্ণ কৰাটো সংগঠনটোৰ বাবে এক ডাঙৰ কেঁচা আঘাত বুলি বিবেচিত হৈছে। ইফালে, ৰাজ্যখনত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ স্বাৰ্থত নিৰাপত্তা বাহিনীয়ে আলফাৰ সৈতে জড়িত বাকী যুৱক-যুৱতী আৰু কেডাৰসকলকো মূলসুঁতিলৈ উভতি আহিবলৈ বাৰংবাৰ আহ্বান জনাই আহিছে।
বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে আত্মসমৰ্পণকাৰী অনলজয় অসমক জেৰা অব্যাহত ৰাখিছে। সংগঠনটোৰ লগত তেওঁৰ এতিয়ালৈকে থকা কাৰ্যকলাপ, ম্যানমাৰৰ শিবিৰসমূহৰ অৱস্থা আৰু অন্যান্য গোপন নেটৱৰ্ক সম্পৰ্কে বিশদ তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে অনুসন্ধানকাৰী দলটোৱে।