মধ্যপ্ৰাচ্যত অব্যাহত থকা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ সংঘাতৰ মাজতে এক নতুন কূটনৈতিক মোৰ লৈছে। ওমানৰ মধ্যস্থতাত ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা আলোচনা এতিয়া এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে। আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিওৱে সদৰী কৰা মতে, বৰ্তমানৰ আলোচনা মূলতঃ দুটা প্ৰধান লক্ষ্যৰ ওপৰত কেন্দ্ৰীভূত হৈছে— প্ৰথমটো হ’ল বিশ্বৰ তেল পৰিবহণৰ বাবে গুৰুত্বপূৰ্ণ ‘হৰমুজ প্ৰণালী’ (Strait of Hormuz) ততাতৈয়াকৈ সুৰক্ষিতভাৱে পুনৰ মুকলি কৰা আৰু দ্বিতীয়টো হ’ল দীৰ্ঘম্যাদীভাৱে ইৰাণক সম্পূৰ্ণ পাৰমাণৱিক মুক্ত কৰা।

ওমানৰ চৰকাৰী মধ্যস্থতাত চলি থকা এই আলোচনাৰ জৰিয়তে সাগৰীয় পথত জাহাজ চলাচল স্বাভাৱিক কৰাৰ ক্ষেত্ৰত কিছু প্ৰগতি লাভ কৰা হৈছে যদিও এতিয়াও কোনো চূড়ান্ত চুক্তি স্বাক্ষৰ হোৱা নাই বুলি আমেৰিকান কৰ্তৃপক্ষই জানিবলৈ দিছে। ইফালে, কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাজেদ আল-আনসাৰীয়েও প্ৰকাশ কৰিছে যে আমেৰিকা আৰু ইৰাণৰ মাজৰ অচলাৱস্থা দূৰ কৰাৰ প্ৰচেষ্টাসমূহ অগ্ৰগতিৰ দিশে আগবাঢ়িছে আৰু সম্ভাৱ্য চুক্তিৰ ড্ৰাফট প্ৰস্তুত কৰা হৈছে।  

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত ৰাখিছে। ইৰাণক পাৰমাণৱিক অস্ত্ৰ সজুলি লাভ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দি আমেৰিকাই অঞ্চলটোত নিজৰ অৱস্থান কটকটীয়া কৰি ৰাখিছে। ইৰাণৰ তৰফৰ পৰাও স্পষ্ট কৰি দিয়া হৈছে যে ওমানৰ যোগেদি চলা আলোচনাৰ মূল উদ্দেশ্য হ'ল সাময়িকভাৱে সাগৰীয় পথসমূহ সুৰক্ষিত কৰা।  

এই কূটনৈতিক তৎপৰতাৰ ফলত বিশ্ব বজাৰত কেঁচা তেলৰ মূল্যত কিছু হ্ৰাস পৰিলক্ষিত হৈছে যদিও পশ্চিম এচিয়াৰ সামগ্ৰিক সুৰক্ষা পরিস্থিতি এতিয়াও অত্যন্ত উত্তেজনাপূৰ্ণ হৈয়ে আছে। আমেৰিকা প্ৰশাসনে মধ্যপ্ৰাচ্যত থকা নিজৰ নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাকি সাজু থাকিবলৈ পৰামৰ্শ দিছে।