মিডল ইষ্ট বা পশ্চিম এছিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা সংঘাত পুনৰ ভয়ংকৰ ৰূপ লৈছে। পাৰস্য উপসাগৰীয় অঞ্চলত সামুদ্ৰিক সুৰক্ষা লৈ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) ইৰাণৰ ইছলামিক ৰেভ’লিউশ্যনৰী গাৰ্ড কৰ্পছ (IRGC)-ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আমেৰিকাৰ সেনাই অভিযোগ কৰিছে যে আইআৰজিচিয়ে হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজসমূহক ভয়ভীত কৰাৰ চেষ্টা চলাইছে। লগতে, এই গুৰুত্বপূৰ্ণ জলপথটো কেৱল তেওঁলোকৰ পছন্দৰ পথেই ব্যৱহাৰ কৰিবলৈ ইৰাণে জোৰ দি আহিছে বুলিও আমেৰিকাই প্ৰকাশ কৰিছে। 

 ইফালে, আমেৰিকাৰ সামৰিক বাহিনীয়ে স্পষ্ট কৰি দিছে যে হৰমুজ প্ৰণালী হৈছে এক আন্তঃৰাষ্ট্ৰীয় জলপথ, যিটো বিশ্বৰ সামুদ্ৰিক নিয়ম দ্বাৰা পৰিচালিত হয়। ইয়াৰ ওপৰত আইআৰজিচিৰ কোনো ধৰণৰ একাধিপত্য বা আইনী অধিকাৰ নাই।  

জৰ্ডানত ইৰাণৰ মিছাইল ধ্বংস: বৃহস্পতিবাৰে পুৱা ইৰাণৰ পৰা নিক্ষেপ কৰা ৫টা মিছাইল সফলভাৱে ধ্বংস কৰে জৰ্ডানৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে। দেশখনৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই। ইৰাণে ইয়াৰ পূৰ্বে জৰ্ডানস্থিত আমেৰিকাৰ এটা সামৰিক ঘাটিত মিছাইল আক্ৰমণ চলাইছিল, তাৰ প্ৰতিউত্তৰতে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে শক্তিশালী আক্ৰমণৰ ঢৌ সম্পূৰ্ণ কৰাৰ পিছতে এই ঘটনা সংঘটিত হয়।

ইৰাণৰ লক্ষ্যত আমেৰিকাৰ ব্যাপক বিমান আক্ৰমণ: 

আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডে জনোৱা মতে, তেওঁলোকৰ সেনাই ইৰাণৰ অভ্যন্তৰত অৱস্থিত ডজন ডজন লক্ষ্যত নতুনকৈ বিমান আক্ৰমণ চলাইছে। বুধবাৰে নিশা সম্পূৰ্ণ হোৱা এই আক্ৰমণসমূহত আইআৰজিচিৰ সামৰিক কমাণ্ড চেণ্টাৰ, মিছাইল তথা ড্ৰোন নিৰ্মাণ কেন্দ্ৰ, উপকূলীয় পহৰা আৰু প্ৰতিৰক্ষা ঘাটিসমূহক বিশেষভাৱে লক্ষ্য কৰি ধ্বংস কৰা হয়। ইৰাণৰ খুজেস্তান প্ৰদেশৰ চাডেগান, আৰ্ভান্দকেনাৰ, আবাদান আৰু আহভাজ চহৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। 

 মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক কঠোৰ হুচিয়াৰী দি কৈছে যে আমেৰিকাই ইৰাণক এতিয়া অতি কঠিন প্ৰতিৰোধ জনাব। এই সংঘাত দীৰ্ঘদিনীয়া হোৱাৰ আশংকাই সমগ্ৰ বিশ্বৰ শক্তি বজাৰ আৰু তেলৰ মূল্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।