নতুন দিল্লী : আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানীলৈ এক ডাঙৰ সকাহ আহিছে। আমেৰিকাৰ আদালতৰ পৰা বৃহৎ আইনী সকাহ লাভ কৰি তেওঁলোকৰ বিৰুদ্ধে থকা সকলো অপৰাধমূলক অভিযোগ সম্পূৰ্ণৰূপে খাৰিজ কৰা হৈছে। নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ জৰিয়তে দুবছৰীয়া প্ৰৱঞ্চনা আৰু উৎকোচৰ গোচৰৰ আনুষ্ঠানিক অন্ত পৰিল।

ব্ৰুকলিনস্থিত আমেৰিকাৰ জিলা আদালতৰ ন্যায়াধীশ নিকোলাছ গাৰাউফিছে আমেৰিকাৰ ন্যায় বিভাগৰ (DoJ) আবেদন মঞ্জুৰ কৰে। ন্যায় বিভাগে গোচৰটো “পক্ষপাতিত্বৰে” (With Prejudice) বা সদায়ৰ বাবে বন্ধ কৰি দিয়াৰ অনুৰোধ জনাইছিল। এই সিদ্ধান্তৰ অৰ্থ হ’ল ভৱিষ্যতে এই অপৰাধমূলক অভিযোগসমূহ পুনৰ দাখিল কৰিব নোৱাৰিব। এই আদালতে আদানী গ্ৰীণৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিনীত জৈনককো যথেষ্ট সকাহ প্ৰদান কৰিছে।

ঘটনাটো কি আছিল?

এই আইনী বিবাদৰ সূত্ৰপাত হৈছিল ২০২৪ চনৰ নৱেম্বৰ মাহত। সেই সময়ত আমেৰিকাৰ অধিবক্তাসকলে অভিযোগ কৰিছিল যে গৌতম আদানী, সাগৰ আদানী আৰু বিনীত জৈনে ভাৰতত সৌৰ শক্তিৰ ডাঙৰ চুক্তি লাভ কৰাৰ বাবে চৰকাৰী কর্মকর্তা সকলক উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। লগতে, নিজৰ কোম্পানীৰ দুৰ্নীতিবিৰোধী নীতিৰ বিষয়ে আমেৰিকাৰ বিনিয়োগকাৰীসকলক বিভ্ৰান্ত কৰা বুলিও অভিযোগ উত্থাপন কৰা হৈছিল। অৱশ্যে আদানী গ্ৰুপে সদায় এই সকলো অভিযোগ খাৰিজ কৰি আহিছিল।

আদালতৰ পৰ্যৱেক্ষিণ আৰু প্ৰতিক্ৰিয়া

ৰয়টাৰ্চৰ প্ৰতিবেদন অনুসৰি, ন্যায়াধীশ গাৰাউফিছে গোচৰটো বন্ধ কৰাৰ পূৰ্বে প্ৰথমতে ন্যায় বিভাগৰ বিষয়াসকলক কিয় এই গোচৰ প্ৰত্যাহাৰ কৰিব বিচৰা হৈছে, তাৰ স্পষ্টীকৰণ বিচাৰিছিল। লগতে আমেৰিকাত আদানীয়ে পূৰ্বে কৰা বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ সৈতে ইয়াৰ কোনো সম্প্ৰকী আছে নেকি, সেয়াও প্ৰশ্ন কৰিছিল। অৱশ্যে ন্যায়াধীশগৰাকীয়ে কয় যে এই বিনিয়োগৰ প্ৰতিশ্ৰুতিয়ে চৰকাৰী সিদ্ধান্তত কোনো প্ৰভাৱ পেলোৱা নাই বুলি তেওঁ সন্তুষ্ট।

এই সিদ্ধান্তৰ পিছত গৌতম আদানীয়ে সামাজিক মাধ্যম এক্স (X)-ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ বিনম্ৰতাৰে আৰু ন্যায়িক প্ৰতি গভীৰ সন্মান প্ৰদৰ্শন কৰি আমেৰিকাৰ আদালতৰ এই সিদ্ধান্তক স্বাগতম জনাইছে।

উল্লেখযোগ্য যে, এই অপৰাধমূলক গোচৰ খাৰিজ হ’লেও আমেৰিকাৰ চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশন (SEC)-ৰ সৈতে হোৱা নাগৰিকমূলক দাবীৰ এক বুজাবুজিৰ অংশ হিচাপে গৌতম আদানীক ৬ নিযুত ডলাৰ আৰু সাগৰ আদানীক ১২ নিযুত ডলাৰ জৰিমনা পৰিশোধ কৰাত সন্মতি প্ৰকাশ কৰিছে।