ৱাশ্বিংটন: ইৰানৰ সৈতে চলি থকা যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এতিয়া সৰ্বোচ্চ অগ্ৰাধিকাৰ ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী প্ৰতিহত কৰাটো নহয়, বৰঞ্চ আমেৰিকান গ্ৰাহকসকলৰ বাবে পেট্ৰ'ল আৰু ইন্ধনৰ দাম হ্ৰাস কৰাটোহে। দেশখনৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু ট্ৰেজাৰী সচিব স্কট বেচেণ্টৰ শেহতীয়া মন্তব্যই এই কথা স্পষ্ট কৰি দিছে।

ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে হৰমুজ প্ৰণালী (Strait of Hormuz) বন্ধ কৰি দি ইৰানে আমেৰিকাৰ ওপৰত এক শক্তিশালী হেঁচা প্ৰয়োগ কৰিছে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰেম্পে ইমানদিন ইৰানৰ বিৰুদ্ধে যুদ্ধৰ মূল কাৰণ হিচাপে দেশখনক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাৰ পৰা বিৰত ৰখাৰ কথাটোকে বাৰে বাৰে উল্লেখ কৰি আহিছিল। কিন্তু বৰ্তমান সেই উদ্দেশ্য পিছ পৰি ৰৈছে আৰু হৰমুজ প্ৰণালীৰে মুক্তভাৱে তেলৰ সৰবৰাহ পুনৰ আৰম্ভ কৰাটোহে প্ৰধান লক্ষ্য হৈ পৰিছে।

নৱেম্বৰ মাহত হবলগীয়া মধ্যৱৰ্তী নিৰ্বাচনৰ পূৰ্বে আমেৰিকাত ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু যুদ্ধৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবে ডেম’ক্ৰেট বা ৰিপাব্লিকান উভয় পক্ষই এক কঠিন ৰাজনৈতিক পৰিস্থিতিৰ সন্মুখীন হৈছে। এই প্ৰসংগত ভেন্সে কয়, "মই জানো যে বৰ্তমান তেলৰ মূল্য সংঘাতৰ প্ৰথম দিনবোৰৰ তুংগ অৱস্থাৰ পৰা যথেষ্ট হ্ৰাস পাইছে। আমাৰ এক নম্বৰ লক্ষ্য হ’ল সমগ্ৰ দেশৰ আমেৰিকানসকলৰ বাবে তেল আৰু গেছৰ মূল্য সস্তা কৰি ৰখা। ইয়াৰ পিছৰ দ্বিতীয়টো লক্ষ্য হ'ল ইৰানে যাতে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে তা নিশ্চিত কৰা।"

বিশ্লেষকসকলৰ মতে, ইৰানৰ বিৰুদ্ধে সামৰিক আক্ৰমণৰ বিপৰীতে বৰ্তমান আৰ্থিক হেঁচা প্ৰয়োগ কৰাৰ এক সতৰ্কতামূলক নীতি গ্ৰহণ কৰিছে ৱাশ্বিংটনে। ট্ৰেজাৰী সচিব স্কট বেচেণ্টেও উল্লেখ কৰিছে যে তেহৰাণক অদম্য কৰি তুলিবলৈ অতিশীঘ্ৰে নতুন অর্থনৈতিক শাস্তি ঘোষণা কৰা হ’ব।