ৱাশ্বিংটন: কিউবাৰ বিৰুদ্ধে চাপ বৃদ্ধি কৰিছে ডনাল্ড ট্ৰাম্প প্ৰশাসনে। দেশখনৰ অৰ্থনীতি দুৰ্বল কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই নতুনকৈ ৯টা ৰাষ্ট্ৰীয় খনি, ধাতু আৰু নিৰ্মাণ খণ্ডৰ প্ৰতিষ্ঠানৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ উপৰিও 'কিউবান ইনষ্টিটিউট অৱ ফ্ৰেণ্ডশ্বিপ উইথ দ্য পিপলছ' (ICAP)-ৰ নেতৃত্বৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই অভিযোগ কৰে যে এই প্ৰতিষ্ঠানসমূহে আমেৰিকাত এক 'বিধ্বংসী নেটৱৰ্ক' চলাই আছে, যিয়ে আমেৰিকান নাগৰিকসকলক উগ্ৰপন্থী কৰি তোলাৰ চেষ্টা কৰে। তেওঁ লগতে কয় যে কিউবাই ফিডেল কাষ্ট্ৰোৰ ১০০ সংখ্যক জন্মদিনৰ সুযোগ লৈ আন্তঃৰাষ্ট্ৰীয় সমৰ্থকসকলক হাভানাৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিছিল।

এই নতুন নিষেধাজ্ঞাৰ সমান্তৰালকৈ আমেৰিকাত কিউবাৰ পৰা উভতি অহা আমেৰিকান নাগৰিকৰ ওপৰতো চোকা নজৰ ৰখা হৈছে। যোৱা সপ্তাহত মায়ামী বিমানবন্দৰত কিউবাৰ পৰা উভতি অহা কেইবাজনো আমেৰিকান নাগৰিকক আটক কৰি জেৰা চলোৱা হয় আৰু তেওঁলোকৰ ম'বাইল ফোনকে ধৰি অন্যান্য ব্যক্তিগত সামগ্ৰী পৰীক্ষাৰ বাবে জব্দ কৰা হয়।

আমেৰিকাৰ নীতি অনুসৰি, কিউবাৰ চৰকাৰী প্ৰতিষ্ঠানৰ সৈতে যিকোনো ধৰণৰ লেনদেন কৰাটো নিষিদ্ধ। এই নিয়ম উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনাও প্ৰশাসনে স্পষ্ট কৰি দিছে। আনহাতে, কিউবা চৰকাৰে এই নিষেধাজ্ঞাক গৰিহণা দিছে আৰু ইয়াৰ ফলত দেশখনৰ সাধাৰণ জনজীৱন ব্যাহত হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰ্তমান ট্ৰাম্প প্ৰশাসনৰ তেল অৱৰোধৰ ফলত কিউবা এক গভীৰ অৰ্থনৈতিক সংকটৰ দিশে আগবাঢ়িছে।