হৰমুজ প্ৰণালী, ৯ ছেপ্টেম্বৰ: ষ্ট্ৰেইট অৱ হৰমুজ (Strait of Hormuz) বা হৰমুজ প্ৰণালীত আমেৰিকান সেনাৰ এখন চালকবিহীন ছাবমেৰিন বা পানীৰ তলৰ ড্ৰোন (Underwater Drone) জব্দ কৰা বুলি ইৰানে কৰা দাবীক নাকচ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকাই স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ ড্ৰোনটো ইৰানী বাহিনীয়ে অভিযান চলাই আটক কৰা নাই, বৰঞ্চ কাৰিকৰী খেলিমেলিৰ বাবে সাগৰৰ পানীত বিকল হৈ পৰিছিল।
ইৰানৰ ইছলামিক ৰিভলিউশ্বনাৰী গাৰ্ড কৰ্পছে (IRGC) দাবী কৰা মতে, হৰমুজ প্ৰণালীৰ প্ৰৱেশদ্বাৰত এক জটিল বুদ্ধিমত্তা আৰু অভিযানমূলক কাৰ্যপন্থাৰে (Complex Intelligence and Operational Action) তেওঁলোকে আমেৰিকাৰ অতি আধুনিক আৰু স্মাৰ্ট চালকবিহীন ছাবমেৰিনখন জব্দ কৰে।
ইফালে, আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ (US CENTCOM) প্ৰবক্তা কেপ্টেইন টিম হকিনছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “আমেৰিকান বাহিনীয়ে ব্যৱহাৰ কৰা পানীৰ তলৰ ড্ৰোন এখন এদিনতকৈও অধিক সময়ৰ আগতে কাৰিকৰীভাৱে বিকল হৈ পৰিছিল। আঞ্চলিক জলৰাশিত নিয়মীয়া পৰ্যবেক্ষণ চলাই থকাৰ সময়তে এই ঘটনা ঘটে। বিকল হোৱা ড্ৰোনখন এক পুৰণি আৰ্হিৰ আছিল। ইয়াত কোনো সংবেদনশীল তথ্য নাছিল আৰু কোনো ক্লাছিফাইড ছোনাৰ বা ৰাডাৰ সঁজুলিও সংলগ্ন হৈ থকা নাছিল।”
উল্লেখ্য যে, মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজতে দুই দেশৰ মাজত পানীৰ তলৰ ড্ৰোনক লৈ এই বাকযুদ্ধ পোহৰলৈ আহিছে। ইৰানে নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰিবলৈ এই ড্ৰোন জব্দ কৰাৰ কথা প্ৰচাৰ চলাইছে যদিও আমেৰিকাই সেই দাবী নাকচ কৰি অঞ্চলটোত নিজৰ সামৰিক আৰু পৰ্যবেক্ষণ অভিযান অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে।