নতুনদিল্লী/ৱাশ্বিংটন: আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয়সকলৰ গৌৰৱ আৰু মৰ্যাদা পুনৰবাৰ প্ৰতিফলিত হৈছে। আমেৰিকাৰ কেইবাখনো প্ৰধান ৰাজ্যত ১৫ আগষ্ট তাৰিখটোক আনুষ্ঠানিকভাৱে 'ভাৰতীয় স্বাধীনতা দিৱস' (India Independence Day) হিচাপে ঘোষণা কৰা হৈছে।
আমেৰিকাত বসবাস কৰা ভাৰতীয় প্ৰবজনকাৰী বা ডায়াস্পোৰা (diaspora) সকলৰ সমাজ, অর্থনীতি আৰু সংস্কৃতিলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানক স্বীকৃতি জনিয়েই এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে মেছাচুচেট্টিছ (Massachusetts) ৰাজ্যৰ গৱৰ্ণৰ মাউৰা হিলিয়েও (Maura Healey) ১৫ আগষ্টক 'ইণ্ডিয়া ডে' বা ভাৰত দিৱস হিচাপে ঘোষণা কৰিছিল।
বিদেশৰ মাটিত ভাৰতৰ স্বাধীনতা দিৱসৰ এই স্বীকৃতিয়ে সমগ্ৰ বিশ্বৰ প্ৰতিটো ভাৰতীয় নাগৰিককে গৌৰৱান্বিত কৰি তুলিছে।