নৌসেনাৰ বিবৃত্তি আৰু জাহাজখনৰ গতিবিধি নিৰীক্ষণ কৰা তথ্য অনুসৰি, 'USS Lincoln'খনে ইৰানৰ বিৰুদ্ধে চলি থকা যুদ্ধত সহায় কৰি আহিছিল আৰু সাগৰত অবিচ্ছিন্নভাৱে ২৬০ দিনতকৈও অধিক সময় কটাই এক অভিলেখ সৃষ্টি কৰিছিল। কিন্তু এই দীৰ্ঘদিনীয়া নিয়োজিত অৱস্থাৰ বাবে জাহাজখনত খাদ্য যোগান, মেইল আদান-প্ৰদান আৰু সেনাসকলৰ মানসিক স্বাস্থ্যক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
আমেৰিকান প্ৰতিৰক্ষা মন্ত্ৰী পিট হেগছেথে (Pete Hegseth) এই পৰিস্থিতিক সম্পূৰ্ণৰূপে বিপৰীতভাৱে উপস্থাপন কৰা হৈছে বুলি দাবী কৰিলেও, কেইবাজনো ডেম’ক্ৰেটিক আইন প্ৰণেতাই পেন্টাগনৰ ওচৰত ইয়াৰ জবাবদিহিতা দাবী কৰিছে। নৌসেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, 'USS George ইতোমধ্যে মালাক্কা প্ৰণালী অতিক্ৰম কৰি ভাৰত মহাসাগৰৰ পিনে গতি কৰিছে আৰু ই মধ্যপ্ৰাচ্যত 'USS Lincoln'ৰ স্থান দখল কৰিব।
ইৰান যুদ্ধৰ প্ৰভাৱে মধ্যপ্ৰাচ্যৰ পৰম্পৰাগত যোগান কেন্দ্ৰসমূহ ব্যাহত কৰি তোলাৰ ফলতে এই সংকটৰ সৃষ্টি হৈছিল বুলি নৌসেনাই স্বীকার কৰিছে। বৰ্তমান আমেৰিকান সেনাসকলক উন্নতমানৰ খাদ্য আৰু পৰিষ্কাৰ পানী যোগান ধৰাৰ ওপৰত প্ৰাধান্য দিয়া হৈছে বুলি প্ৰতিৰক্ষা বিভাগৰ তৰফmৰ পৰা আশ্বাস দিয়া হৈছে।