নতুনদিল্লী: নীতি আয়োগে প্ৰকাশ কৰা এক নতুন প্ৰতিবেদন অনুসৰি পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত উত্তৰাখণ্ডে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে শীৰ্ষস্থান দখল কৰিছে। ৰাজ্যখনে ৪৭.৫ নম্বৰ লাভ কৰি এই কৃতিত্ব অর্জন কৰাৰ লগতে সমগ্ৰ দেশৰ ভিতৰত ১১ সংখ্যক স্থান দখল কৰিছে।
প্ৰতিবেদনখনত প্ৰকাশ পোৱা তথ্য অনুসৰি, উত্তৰাখণ্ডৰ এই সফলৰ মূলতে হৈছে শক্তিশালী মানৱ সম্পদ, কৰ্মশক্তিত গ্ৰেজৱেটৰ স্থায়ী প্ৰৱেশ আৰু অনুকূল ঔদ্যোগিক পৰিৱেশ। ইয়াৰ উপৰি ৰাজ্যখনত বেংকিং সুবিধাসমূহ উন্নত হোৱাৰ লগতে একক ৱিণ্ডো অন লাইন প্লেটফৰ্মৰ জৰিয়তে প্ৰশাসনিক কাম-কাজ ত্বৰান্বিত হৈছে।
আনহাতে, অসমখনে ৪৭.৩ নম্বৰ লাভ কৰি পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত দ্বিতীয় স্থান (সৰ্বভাৰতীয় পৰ্যায়ত ১৪ সংখ্যক স্থান) দখল কৰিবলৈ সক্ষম হৈছে।
হিমাচল প্ৰদেশে ৪৬.১ নম্বৰ লাভ কৰি এই শ্ৰেণীত তৃতীয় (সৰ্বভাৰতীয় পৰ্যায়ত ১৭ সংখ্যক) স্থান দখল কৰিছে।