মুম্বাই: পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ড৹ ডি ৱাই পাটিলৰ দেহাৱসান ঘটিছে। মঙলবাৰে মহাৰাষ্ট্ৰৰ কোলহাপুৰত থকা নিজ বাসগৃহত দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত প্ৰবীণ ৰাজনীতিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে বুলি পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।

মহাৰাষ্ট্ৰৰ কেইবাখনো শিক্ষানুষ্ঠান প্ৰতিষ্ঠাত আগ-ভাগ লোৱা প্ৰবীণ নেতাগৰাকীয়ে পুত্ৰ তথা প্ৰাক্তন মন্ত্ৰী সতেজ পাটিল, সঞ্জয় পাটিল আৰু অজিংক্য পাটিলক ইহসংসাৰত এৰি থৈ যায়। ১৯৩৫ চনৰ ২২ অক্টোবৰত এটা অতি সাধাৰণ কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা পাটিলে ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে শিক্ষা খণ্ডত মনোনিৱেশ কৰি চিকিৎসা, অভিযান্ত্ৰিক আৰু আন কেইবাটাও শাখাৰ পাঠ্যক্ৰম প্ৰদান কৰা ডি ৱাই পাটিল বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।  

পদ্মশ্ৰী বঁটা বিজয়ী পাটিলে ত্ৰিপুৰা আৰু বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে পশ্চিমবংগৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও গ্ৰহণ কৰিছিল। ৰাজনীতিৰ উপৰিও সমগ্ৰ বিশ্বতে ১৮০ খনতকৈও অধিক শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অপৰিসীম অৱদান আছিল। তদুপৰি, নবী মুম্বাইত বিশ্বৰ ষষ্ঠ শ্ৰেষ্ঠ মানদণ্ডৰ অত্যাধুনিক 'ডি ৱাই পাটিল ষ্টেডিয়াম' নিৰ্মাণ কৰি তেওঁ ক্ৰীড়াক্ষেত্ৰখনতো এক নতুন নজিৰ গঢ়ি তুলিছিল।  

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেইকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলে এইগৰাকী বিশিষ্ট নেতা তথা সমাজকৰ্মীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।