মাদ্রিদ: ব্ৰাজিলৰ তাৰকা ফৰৱাৰ্ড ভিনিমিয়াছ জুনিয়ৰক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিল। ইংৰাজী প্ৰিমিয়াৰ লীগৰ ক্লাৱ আৰ্চেনললৈ তেওঁ স্থানান্তৰিত হোৱাৰ চৰ্চা চলি থকাৰ সময়তে, বৃহস্পতিবাৰে তেওঁ স্পেনিছ জায়েন্ট ৰিয়েল মাদ্রিদৰ সৈতে এক দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰে। এই নতুন চুক্তিৰ জৰিয়তে ভিনি জুনিয়ৰ ২০৩২ চনৰ ৩০ জুনলৈকে 'লচ ব্লাংকোজ'ৰ (Los Blancos) সৈতে জড়িত হৈ থাকিব।
ৰিয়েল মাদ্রিদে তেওঁলোকৰ অফিচিয়েল বিবৃতিত প্ৰকাশ কৰি কয়, "ৰিয়েল মাদ্রিদ চি.এফ. আৰু ভিনিমিয়াছ জুনিয়ৰে আমাৰ খেলুৱৈগৰাকীৰ চুক্তি ২০৩২ চনৰ ৩০ জুনলৈকে বৃদ্ধি কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে।" ক্লাৱটোৱে লগতে উল্লেখ কৰে যে বিগত কেইটামান বছৰত ক্লাৱৰ সোণালী ইতিহাসৰ অন্যতম গুত্বপূৰ্ণ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে ভিনিয়ে।
২০১৮ চনত ব্ৰাজিলৰ ফ্লেমেংগো ক্লাৱৰ পৰা ৰিয়েল মাদ্রিদলৈ অহা এই ১৮ বছৰীয়া যুৱ তাৰকাগৰাকীয়ে ইতিমধ্যে ক্লাৱটোৰ হৈ ৩৭৫ খন মেচ খেলি ১২৮ টা গ'ল আৰু ১০০ টা assist বা সহায়ক সেৱা আগবঢ়াইছে। তেওঁৰ এই সুদীৰ্ঘ কেৰিয়াৰত দলটোক ৩ খন লা লিগা খিতাপ আৰু দুটা উৱেফা চেম্পিয়নছ লীগ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
২০২৫-২৬ ছিজনত তেওঁ সকলো প্ৰতিযোগিতা মিলিয়ে ২২ টা গ'লত অৱদান আগবঢ়াইছিল যদিও বাৰ্চেলোনাৰ পিছতে ৰিয়েল মাদ্রিদে দ্বিতীয় স্থানত সন্তুষ্ট থাকিব লগা হৈছিল। আনহাতে, ব্যক্তিগত প্ৰদৰ্শনৰ বাবে ভিনিয়ে ২০২৪ চনত 'দ্য বেষ্ট ফিফা মেনছ প্লেয়াৰ' বঁটা আৰু ফিফা ইণ্টাৰকন্টিনেন্টাল কাপৰ গোল্ডেন বল লাভ কৰিছিল। এই নতুন চুক্তি স্বাক্ষৰ কৰাৰ পিছত ভিনিমিয়াছ জুনিয়ৰে ইনষ্টাগ্ৰামত লিখে, "বাৰ্ণাউত আঠটা বছৰ অতি কম... আৰু ছটা বছৰ চিৰদিনৰ বাবে বাকী আছে!"