ইৰাণৰ সুৰক্ষা চেকেকপইণ্টসমূহক লক্ষ্য কৰি চলোৱা এই আক্ৰমণৰ পিছতে ইজৰাইল আৰু ইৰাণৰ মাজত বাক-যুদ্ধ তীব্ৰতৰ হৈ পৰিছে। ইফালে, ইজৰাইলে ইৰাণৰ ওপৰত জনবহুল অসামৰিক অঞ্চলক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু ইয়াক যুদ্ধাপৰাধ বুলি অভিহিত কৰিছে।
একেদৰে, লেবাননৰ পৰা হিজবুল্লাৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ইজৰাইলী সেনায়েও কঠোৰ হুঁহকীয়া প্ৰদান কৰিছে। ইজৰাইলৰ প্ৰশাসনে স্পষ্ট কৰি দিছে যে এই আক্ৰমণৰ বাবে হিজবুল্লা গোটে ডাঙৰ মাচুল ভৰিব লাগিব। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকাইয়ে (Esmaeil Baqaei) এই আক্ৰমণৰ তীব্ৰ গূৰ্ণা প্রকাশ কৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ক্ষিপ্ৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছে।
বিশ্লেষকসকলৰ মতে, যদি এই উত্তেজনা শীঘ্ৰে হ্ৰাস কৰা নহয়, তেন্তে সমগ্ৰ মধ্যপ্ৰাচ্য অঞ্চলটো এক বিৰাট যুদ্ধৰ আৱৰ্তলৈ সোমাই পৰাৰ আশঙ্কা শতকৰা এশ ভাগ। বিশ্বৰ মহাশক্তিধৰ দেশসমূহে বৰ্তমান এই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।