মহিলা এছিয়া কাপ ২০২৬: পাকিস্তানক বিধ্বস্ত কৰি ভাৰতৰ বৃহৎ জয়, অধিনায়ক হিচাপে ইতিহাস ৰচনা হৰমনপ্ৰীত কৌৰৰ
ডিজিটেল ডেস্ক, ডুবাই: মহিলা এছিয়া কাপ ২০২৬ত ভাৰতীয় মহিলা ক্ৰিকেট দলে নিজৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখি চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে এক একচত্ৰী জয় সাব্যস্ত কৰিছে। ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ-এ’ৰ এই হাই-ভল্টেজ মেচখনত ভাৰতীয় স্পিনাৰসকলৰ মাৰাত্মক বলিং আক্ৰমণৰ মুখত তিষ্ঠিব নোৱাৰি পাকিস্তান মাত্ৰ ৫৫ ৰানতে ধৰাশায়ী হয়।
স্পিনৰ জালত বন্দী পাকিস্তান
মেচখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল পাকিস্তানৰ অধিনায়ক ফাতিমা সানাই।
ভাৰতৰ হৈ বাওঁহতীয়া স্পিনাৰ শ্ৰী চৰণী আৰু প্ৰেমা ৰাৱাতে পাক বেটিং অৰ্ডাৰ ছাৰখাৰ কৰি দিয়ে। চৰণীয়ে মাত্ৰ ৭ ৰান দি ৩টা ৱিকেট আৰু প্ৰেমা ৰাৱাতে ৯ ৰান দি ৩টা ৱিকেট দখল কৰে। অপ অভিজ্ঞ দীপ্তি শৰ্মাই ৫ ৰানত ২টা ৱিকেট লাভ কৰে। ১৮.১ অভাৰত মাত্ৰ ৫৫ ৰানতে সমগ্ৰ পাকিস্তান দলটো অল-আউট হয়। টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত পাকিস্তান মহিলা দলৰ এইটোৱেই হৈছে সৰ্বনিম্ন স্ক’ৰ।
সহজ লক্ষ্য আৰু শাফালীৰ অভিলেখ
৫৬ ৰানৰ সহজ লক্ষ্য অনুসৰণ কৰিবলৈ নেমে ভাৰতৰ অপেনাৰ শাফালী বাৰ্মাই প্ৰথমটো বলতে ছয় কোবাই নিজৰ আক্ৰমণাত্মক ৰূপ প্ৰকাশ কৰে।
পাকিস্তানৰ অধিনায়ক ফাতিমা সানাই ৩টা ৱিকেট লৈ ভাৰতীয় শীৰ্ষ ক্ৰমৰ বেটাৰসকলক অলপ সমস্যাত পেলাইছিল যদিও খেলখনৰ ফলাফল সলনি কৰিবলৈ সেয়া যথেষ্ট নাছিল।
অধিনায়ক হৰমনপ্ৰীত কৌৰৰ নতুন বিশ্ব অভিলেখ
ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰৰ বাবে এই মেচখন আছিল অত্যন্ত বিশেষ। টি-২০ আন্তৰ্জাতিক ক্ৰিকেটৰ ইতিহাসত অধিনায়ক হিচাপে ১৫০খন মেচত নেতৃত্ব দিয়া বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ (পুৰুষ আৰু মহিলা উভয়ৰে ভিতৰত) হিচাপে ঐতিহাসিক অভিলেখ গঢ়ে হৰমনপ্ৰীতে।
হৰমনপ্ৰীতে ১৮ ৰান কৰি অপৰাজিত হৈ থাকে আৰু ধুনীয়া ছয় কোবাই দলক জয়ৰ মুখ দেখুৱায়।