শনিবাৰে বিশ্ব অংগ দান দিৱসৰ প্ৰসংগত বেছিভাগ মানুহৰে মনত এটা ধাৰণা থাকে যে মাত্ৰ এটা কিডনী লৈ জীয়াই থকা মানেই আয়ুস হ্ৰাস পোৱা, কঠোৰ স্বাস্থ্যজনিত নিষেধাজ্ঞা আৰু অহৰহ অসুস্থতা। কিন্তু চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞসকলৰ মতে, এই ধাৰণা সম্পূৰ্ণ ভুল। বেছিভাগ ক্ষেত্ৰতে এটা সুস্থ কিডনীয়েই মানুহক এটা দীঘলীয়া, সুস্বাস্থ্যৱান আৰু সক্ৰিয় জীৱন প্ৰদান কৰিবলৈ পৰ্যাপ্ত।

কিডনী দাতাৰ পৰা আৰম্ভ কৰি প্ৰতিস্থাপন লাভ কৰা ৰোগীসকলে নিয়মীয়া কৰ্মজীৱন, খেলা-ধূলা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ অজস্ৰ উদাহৰণ আছে। ইয়ে প্ৰমাণ কৰে যে এটা কিডনীৰে জীয়াই থকা মানেই জীৱন স্তব্ধ হৈ যোৱা নহয়।

এটা নতুন জীৱনৰ সুযোগ

নৱ মুম্বাইৰ এপল’ হাস্পতালৰ ইউৰ’লজী, কিডনী ট্ৰেন্সপ্লাণ্ট এণ্ড ৰ’বটিক ছাৰ্জাৰী বিভাগৰ ছিনিয়ৰ কনচালটেন্ট ডা০ অমলকুমাৰ পাটিলে কয়, "অংগ দান কেৱল এটা চিকিৎসা প্ৰক্ৰিয়ায়েই নহয়, ই আশাকৰীয়া এক উপহাৰ আৰু নতুন জীৱনৰ পুনৰ্জন্ম। সফল কিডনী প্ৰতিষ্ঠাপনে এজন ৰোগীক ডায়েলিচিছৰ যন্ত্ৰণাৰ পৰা মুক্ত কৰি স্বাভাৱিক পৰিয়াল আৰু কৰ্মজীৱনলৈ ঘূৰাই আনিব পাৰে। সকলোৱে অংগ দানৰ বিষয়ে পৰিয়ালৰ সৈতে খোলাখুলি আলোচনা কৰা উচিত।"

বেংগালুৰুৰ ফৰ্টিছ হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ অতিৰিক্ত ডাইৰেক্টৰ ডা০ মঞ্জুনাথ এছৰ মতে, আমাৰ শৰীৰৰ প্ৰয়োজনীয় কামকাজ চলাবলৈ এটা সুস্থ কিডনীয়েই যথেষ্ট। শৰীৰৰ বাকী থকা কিডনীটোৱে 'কম্পেঞ্চেটৰী হাইপাৰফিলট্ৰেচন' (Compensatory Hyperfiltration) নামৰ প্ৰক্ৰিয়াৰ জৰিয়তে দুয়োটা কিডনীয়ে কৰ লগীয়া কাম একাই সম্পূৰ্ণ কৰিব পাৰে।

কি কি সাৱধানতা অৱলম্বন কৰা উচিত?

এটা কিডনীৰে স্বাভাৱিক জীৱন কটাব পাৰিলেও উচ্চ ৰক্তচাপ, প্ৰস্ৰাৱত প্ৰ’টিন যোৱা আৰু ক্ৰমাৎ কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ কিছু সামান্য আশংকা থাকে। যদি কাৰোবাৰ মুখ বা ভৰি ফুলি উঠা, প্ৰস্ৰাৱত তেজ যোৱা, প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস পোৱা, উশাহ লোৱাত কষ্ট বা অত্যাধিক ভাগৰ অনুভৱ হয়, তেন্তে তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিব লাগে।

কি কিডনী দাতাসকলৰ বাবে কোনো কঠোৰ নিষেধাজ্ঞা আছে?

ডা০ পাটিলে স্পষ্ট কৰি দিছে যে কিডনী দান কৰা ব্যক্তিসকলে অস্ত্ৰোপচাৰৰ পিছত সম্পূৰ্ণ সুস্থ হৈ পুনৰ স্বাভাৱিক কাৰ্যকলাপলৈ উভতি যাব পাৰে। তেওঁলোকে নিয়মীয়াকৈ ব্যায়াম, ভ্ৰমণ আৰু কৰ্মজীৱন আগবঢ়াই নিব পাৰে। অৱশ্যে, এটা সুস্থ কিডনী সুৰক্ষিত ৰাখিবলৈ কিছুমান বিশেষ অভ্যাস বৰ্জন কৰা উচিত:

ধ্ৰুমপান আৰু মদ্যপান পৰিহাৰ কৰা।

খোৱা লৱণৰ পৰিমাণ হ্ৰাস কৰা।

অত্যাধিক প্ৰচেছড খাদ্য পৰিহাৰ কৰা।

শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখা আৰু পৰ্যাপ্ত পানী খোৱা।

চিকিৎসৰ পৰামৰ্শ অবিহনে প্ৰ’টিন প্ৰতিযোগিতামূলক ছপ্লিমেন্ট বা ঔষধ সেৱন নকৰা।

মিনিমেল ইনভেচিভ আৰু ৰ’বটিক ছাৰ্জাৰীৰ আধুনিক প্ৰযুক্তিয়ে অংগ দান আৰু প্ৰতিস্থাপন প্ৰক্্ৰিয়াক আৰু অধিক সহজ কৰি তুলিছে। বিশ্ব অংগ দান দিৱসৰ মূল বাৰ্তা এয়ে যে— সঠিক সজাগতা আৰু সদিচ্ছাৰ দ্বাৰা অংগ দাতা আৰু গ্ৰহণকাৰী উভয়ৰে জীৱন সুন্দৰভাৱে আগুৱাই নিব পাৰি।