গুৱাহাটী: উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সংঘটিত হোৱা প্ৰলয়ংকাৰী বানপানীৰ উৎস সঠিকভাৱে বিচাৰি উলিয়াই ইয়াৰ তথ্য ৰাজহুৱা কৰিবলৈ জোৰলোৱা দাবী উত্থাপন কৰিছে অসম সাহিত্য সভাই। এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰহি অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ ওচৰলৈ একোখনকৈ পৃথক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে।

স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি, উজনি অঞ্চলত হোৱা এই ধ্বংসাত্মক বানৰ প্ৰকৃত কাৰণসমূহ উদঘাটন কৰিবলৈ দিখৌ জলবিদ্যুৎ প্ৰকল্প, উজনি অঞ্চলৰ বিভিন্ন বান্ধ, কয়লা খনন, পাহাৰ খনন আৰু অন্যান্য সম্ভাৱ্য কাৰকসমূহৰ ওপৰত এক স্বতন্ত্ৰ ন্যায়িক, বৈজ্ঞানিক তথা আন্তঃৰাজ্যিক তদন্ত আয়োগ গঠন কৰাটো অতি প্ৰয়োজনীয়।

এই সন্দৰ্ভত অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই সংবাদ মাধ্যমক অৱগত কৰি কয়, "অসম-নাগালেণ্ড যৌথ নদী অৱবাহিকা ব্যৱস্থাপনা কর্তৃপক্ষ গঠন কৰি বান্ধ পৰিচালনা, নদী ব্যৱস্থাপনা, আগতীয়া সতৰ্কীকৰণ আৰু বাস্তৱ সময়ৰ তথ্য বিনিময় ব্যৱস্থা বাধ্যতামূলক কৰাৰ বাবে দাবী জনোৱা হৈছে।" তেওঁ লগতে কয় যে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত মথাউৰি, পথ-দলং, জলনিষ্কাশন ব্যৱস্থা, নদীপথ তথা অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি বিজ্ঞানসন্মতভাৱে অতি শীঘ্ৰে পুনৰ নিৰ্মাণ আৰু শক্তিশালীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা উচিত।  

স্মাৰকপত্ৰখনত আন কেতবোৰ গুৰুত্বপূৰ্ণ দাবীও উত্থাপন কৰা হৈছে:

বানত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰিৰে সংস্থাপন দিয়া আৰু এককালীন ক্ষতিপূৰণ প্ৰদান কৰা।

সন্ধানহীন ব্যক্তিসকলৰ অনুসন্ধান সম্পূৰ্ণ নোহোৱালৈকে বিশেষ উদ্ধাৰ অভিযান অব্যাহত ৰখা।

গৃহহীন পৰিয়াল, ক্ষুদ্র ব্যৱসায়ী, কৃষক, সাংবাদিক, চিকিৎসক আৰু বানত সৰ্বস্ব হেৰুওৱা লোকসকলৰ বাবে বিশেষ অর্থনৈতিক পুনৰবাসন পেকেজ, স্থায়ী গৃহ আৰু জীৱিকাৰ ব্যৱস্থা কৰা।  

গৰু, ছাগলী, হাঁহ, কুকুৰা আদি পশুধনৰ ক্ষতিৰ পূৰ্ণ ক্ষতিপূৰণ, পশু চিকিৎসা, পশুখাদ্য আৰু আশ্ৰয় কেন্দ্ৰৰ ব্যৱস্থা সুনিশ্চিত কৰা।

কৃষিভূমি, শস্য, চাহ খেতি, মীন পালন আৰু গ্ৰাম্য অর্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে শস্য ক্ষতিপূৰণ, কৃষি বীমা, সুদমুক্ত ঋণ আৰু বিশেষ সাহায্য প্ৰদান কৰা।

অসম সাহিত্য সভাই ভাৰত চৰকাৰৰ ওচৰত অসমৰ ভয়াবহ বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে শীঘ্ৰে স্বীকৃতি দিয়াৰ লগতে বিজ্ঞানভিত্তিক স্থায়ী বান নিয়ন্ত্রণ ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী পুনৰগঠনৰ বাবে এটা বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ সজোৰে আহ্বান জনাইছে।