গুৱাহাটী: বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ সংযোগী গুৰুত্বপূৰ্ণ পথ তথা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (NFR) লামডিং-বদৰপুৰ পাহাৰ লাইনৰ মেৰামতিৰ কাম এতিয়াও সম্পূৰ্ণভাৱে শেষ হোৱা নাই। পথচোৱাত শেহতীয়াকৈ হোৱা ক্ষতি আৰু ভূমিজনিত সমস্যাৰ বাবে চলি থকা মেৰামতিৰ কামৰ বাবে এতিয়াও স্বাভাৱিক অৱস্থালৈ উভতি অহা নাই ৰে'ল চলাচল।

ৰে'লৱে সূত্ৰে প্ৰকাশ কৰা মতে, যাত্ৰীসকলৰ সুৰক্ষাক প্ৰধান প্রাধান্য দি অভিযান্ত্ৰিক দলসমূহে দিন-ৰাতি একাকাৰ কৰি কাম অব্যাহত ৰাখিছে যদিও ভূ-সংগতিজনিত কাৰণত কাম সম্পূৰ্ণ কৰাত কিছু পলম হৈছে। এই মেৰামতি কাৰ্যৰ ফলত গুৱাহাটী-শিলচৰ আৰু আগৰতলা অভিমুখী কেইবাখনো গুৰুত্বপূৰ্ণ এক্সপ্ৰেছ ৰে'লৰ যাত্ৰা বাতিল কৰাৰ লগতে কেইবালানিৰো সময়সূচী সলনি কৰিবলগীয়া হৈছে।

বৰাক উপত্যকা, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ মূল জীৱনৰেখা স্বৰূপ এই লামডিং-বদৰপুৰ ৰে'ল পথটো অতি শীঘ্ৰে সম্পূৰ্ণৰূপে মুকলি কৰিবলৈ ৰে'ল বিভাগে যুদ্ধকালীন তৎপরতা চলাই আছে। আনহাতে, যাত্ৰীসকলক যিকোনো যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে'ল বিভাগৰ অফিচিয়েল প'ৰ্টেলৰ জৰিয়তে ৰে'লৰ সঠিক স্থিতি নিশ্চিত কৰি ল'বলৈ বিশেষভাৱে অনুৰোধ জনোৱা হৈছে।