যোৰহাট — যোৰহাট জিলাত শুকুৰবাৰেও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাত অতিকৈ দুৰ্বিষহ অৱস্থাত দিন কাটাবলগীয়া হৈছে প্লাবিত ৰাইজে। নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গত দেওবাৰে নিশা ভোগদৈ নদীৰ মথাউৰি ৫ টাকৈ স্থানত ছিঙি যোৱাত সমগ্ৰ যোৰহাটতে এক অভাৱনীয় সংহাৰৰ সৃষ্টি হয়।

ভয়াৱহ বানে ক্ষন্তেকতে ঘৰ-বাৰী, পশুধন আৰু খেতিপথাৰ উটুৱাই নিয়াত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে উত্তৰ-পশ্চিম যোৰহাটৰ ৰাইজ। সম্প্ৰতি বহু এলেকা পানীৰ তলত থকাৰ উপৰি বিশুদ্ধ খোৱাপানী আৰু পৰ্যাপ্ত চৰকাৰী সাহায্যৰ অভাৱত বানপীড়িতসকলে হাহাকাৰ কৰিবলগীয়া হৈছে।

যোৰহাটত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে অসহায় বন্যাৰ্তসকলৰ কাষত থিয় দিছে বিভিন্ন সংগঠন তথা বেচৰকাৰী সংস্থাসমূহ। শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (AJYCP) এটা দলে উত্তৰ-পশ্চিম যোৰহাটৰ অতি দুৰ্গম অঞ্চলসমূহলৈ নাৱেৰে যাত্ৰা কৰি ভুক্তভোগীসকলৰ মাজত জৰুৰী সাহায্য সামগ্ৰী বিতৰণ কৰে।

ভোগদৈ নদীৰ বাঢ়নী পানীয়ে বহু পথ উটুৱাই নিয়াত সম্প্ৰতি হাত নাৱেই হৈ পৰিছে যাতায়াতৰ একমাত্ৰ সমল। পৰিষদৰ দলটোৱে এনে পানীৰে আবৃত স্থানসমূহত উপস্থিত হৈ বিশুদ্ধ খোৱাপানী আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

চৰকাৰক তীব্ৰ সমালোচনা

সাহায্য বিতৰণ কাৰ্যসূচীত অংশ লৈ যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি শিৱ কলিতাই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, “কেন্দ্ৰীয় চৰকাৰে পুখুৰী খান্দি বান প্ৰতিৰোধ কৰাৰ যি আঁচনিৰ কথা কৈছিল, তাৰ বাবে আৱণ্টন দিয়া পুঁজি এতিয়া দুৰ্দশাগ্ৰস্ত বানাক্ৰান্তসকলৰ বাবে খৰচ কৰক। পানী আৰু খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা ৰাইজৰ বাবে প্ৰশাসনে ন্যূনতম ব্যৱস্থাও গ্ৰহণ কৰা নাই।”

উল্লেখ্য যে, শেহতীয়া প্ৰলয়ংকৰী বানৰ ফলত যোৰহাট জিলাৰ ১৭৯ খনকৈ ৰাজহ গাঁও প্লাবিত হোৱাৰ লগতে প্ৰায় ৫৫১০.৯৬ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে।