গুৱাহাটী — ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ মুখত পৰা অসমৰ বান পৰিস্থিতিত সামান্য সকাহ দেখা গৈছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ শেহতীয়া তথ্য অনুসৰি, পূৰ্বে ২৫ খন জিলা প্লাবিত হৈ আছিল যদিও বৰ্তমান বানাক্ৰান্ত জিলাৰ সংখ্যা ১১ খনলৈ হ্ৰাস পাইছে। অৱশ্যে, এই বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা ৪৭ গৰাকীলৈ বৃদ্ধি পাইছে।
বিগত ২৪ ঘণ্টাত শিৱসাগৰ জিলাত ৪ জন আৰু চৰাইদেউ জিলাত ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
সম্প্ৰতি ৭ লাখৰো অধিক লোক বানৰ কৱলত আছে। প্লাবিত জিলাকেইখন হৈছে— গোলাঘাট, হোজাই, কামৰূপ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, কামৰূপ (মহানগৰ), কাৰ্বি আংলং আৰু তিনিচুকীয়া। ইয়াৰ উপৰি, গুৱাহাটী (কামৰূপ মহানগৰ) আৰু ডিব্ৰুগড় চহৰত কৃত্ৰিম বানৰ বাবে প্ৰায় ৫৯২ গৰাকী লোক প্ৰভাৱিত হৈছে।
দিনৰ ২ বজাত জিলা আয়ুক্তৰে মুখ্যমন্ত্ৰীৰ অনলাইন বৈঠক
বানৰ দ্বাৰা প্ৰভাৱিত জিলা কেইখনৰ আয়ুক্তৰ সৈতে শুকুৰবাৰে এই বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ দিনৰ ২ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হ’ব এই বৈঠক ৷ সাম্প্ৰতিক বান পৰিস্থিতিত সকলো ধৰণৰ প্ৰক্ৰিয়া কিদৰে ৰূপায়ণ কৰা হৈছে তাৰেই পৰ্যালোচনা কৰাৰ বাবে এই বৈঠকৰ আহ্বান জনোৱা হৈছে ৷ বৈঠকখনত জিলা আয়ুক্তৰ উপৰিও চৰকাৰে দায়িত্ব প্ৰদান কৰা বিভিন্ন বিভাগৰ বিষয়াসকলো উপস্থিত থাকিব ৷