মুম্বাই: ভাৰতীয় চিনেমা জগতলৈ নামি আহিছে এক গভীৰ শোকৰ ছাঁ। টেলিভিছনৰ জনপ্ৰিয় পৌৰাণিক ধাৰাবাহিক 'মহাভাৰত'ত 'অশ্বত্থামা'ৰ অমৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ পাশাপাশি বলীউডৰ ব্লকবাষ্টাৰ ছবি 'গজনী' আৰু 'লগান'ৰ জৰিয়তে ঘৰে ঘৰে পৰিচিত হৈ পৰা প্ৰবীণ অভিনেতা প্ৰদীপ ৰাৱত আৰু আমাৰ মাজত নাই। মঙলবাৰে সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ তেওঁ ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

অভিনেতাগৰাকীৰ ব্যবস্থাপক সিদ্ধাৰ্থ তিৱাৰীয়ে সংবাদ মাধ্যমক এই দুখবৰ নিশ্চিত কৰি কয় যে প্ৰদীপ ৰাৱতে চাৰি বছৰ পূৰ্বে কেঞ্চাৰক পৰাস্ত কৰি সুস্থ হৈ উঠিছিল। কিন্তু যোৱা ডেৰ মাহ ধৰি তেওঁৰ দেহত পুনৰ কেঞ্চাৰৰ লক্ষণ দেখা দিয়ে (Cancer Relapse)। অৱস্থা সংকটজনক হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাত হঠাতে তেওঁৰ প্লেটলেট হ্ৰাস পোৱাৰ ফলত তেওঁ শেষৰ পয্যন্ত সংগ্ৰামখনত হাৰ মানে।

মৃত্যুৰ সময়ত তেওঁ পত্নী কল্যাণী ৰাৱত আৰু পুত্ৰ বিক্ৰমাদিত্য ৰাৱতক এশই যায়। পৰিয়ালৰ সূত্ৰে প্ৰকাশ পাইছে যে বুধবাৰে সন্ধিয়া মুম্বাইৰ অশ্বিৱাৰা দলং সংলগ্ন অঞ্চলত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।

প্ৰদীপ ৰাৱতে নিজৰ সুদীর্ঘ অভিনয় কেৰিয়াৰত হিন্দীৰ লগতে দক্ষিণ ভাৰতীয় ছবিজগতত এক বিশেষ পৰিচয় সৃষ্টি কৰি গৈছে। ১৯৮৮ চনত বি.আৰ. চোপ্ৰাৰ ঐতিহাসিক ধাৰাবাহিক 'মহাভাৰত'ত অশ্বত্থামাৰ চৰিত্ৰৰে তেওঁ দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰিছিল। ইয়াৰ পাছত ২০০১ চনত মুক্তিপ্ৰাপ্ত আশুতোষ গোৱাৰীকাৰৰ অস্কাৰ মনোনীত ছবি 'লগান'ত এজন সাহসী শিখ চিপাহী 'দেভা'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শক আৰু সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে।

বিশেষকৈ, এমিৰ খান অভিনীত ছুপাৰহিট ছবি 'গজনী'ত খলনায়ক 'গজনী ধৰ্মাত্মা'ৰ চৰিত্ৰত তেওঁৰ ভয়ংকৰ আৰু সজীৱ অভিনয়ে দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। হিন্দীৰ উপৰি তেলেগু, তামিল আৰু কন্নড় ছবিতো তেওঁৰ অভিনয়শৈলী অতিশয় আদৰণীয় আছিল। তেওঁৰ শেহতীয়া অভিনয়ৰ ভিতৰত ভিকি কৌশল অভিনীত 'ছাৱা' ছবিখনত 'যেশাজী কানক'ৰ চৰিত্ৰ অন্যতম।  

তেওঁৰ আকস্মিক বিয়োগত যশপাল শৰ্মা, গজেন্দ্ৰ চৌহানকে ধৰি বলীউডৰ বহু বিশিষ্ট তাৰকা আৰু অসংখ্য় অনুৰাগীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।