বলীউডৰ জনপ্ৰিয় তাৰকা গোবিন্দা আৰু তেওঁৰ পত্নী সুনীতা আহুজাৰ বৈবাহিক জীৱনক লৈ চৰ্চা অব্যাহত আছে। বিভিন্ন সময়ত সুনীতা আহুজাই অভিনেতাগৰাকীৰ বিৰুদ্ধে বিবাহবহিৰ্ভূত সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে। শেহতীয়াকৈ, এই সকলোবোৰ বিতৰ্ক আৰু অভিযোগৰ ওপৰত নিজৰ স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা গোবিন্দাই।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গোবিন্দাই পত্নীয়ে অনা সকলো অভিযোগ দৃঢ়তাৰে নাকচ কৰে। ধেমেলীয়া আৰু মৰমিয়াল সুৰত তেওঁ কয় যে, তেওঁলোকৰ মাজত যিয়েই মতানৈক্য নহওক কিয়, সুনীতাই যি গালি-গালাজ কৰে, সেইয়া তেওঁ মৰম বুলিয়েই গ্ৰহণ কৰে। গোবিন্দাই লগতে কয় যে তেওঁ কেতিয়াও নিজৰ সহ-অভিনেত্ৰীসকলৰ সৈতে কেতিয়াও কোনো অসদআচৰণ কৰা নাই আৰু দীৰ্ঘদিনীয়া কেৰিয়াৰত তেওঁ সম্পূৰ্ণ পেছাদাৰী মৰ্যাদা বজাই ৰাখিছে।
ইয়াৰ উপৰি, অভিনেতাগৰাকীয়ে পৰিয়ালক সুৰক্ষিত ৰাখিবলৈ বিগত সময়ত লোৱা বিভিন্ন পদক্ষেপৰ কথাও প্ৰকাশ কৰে। পত্নীৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু মৰমৰ কথা সোঁৱৰাই দি গোবিন্দাই কয় যে তেওঁলোকৰ মাজৰ মৰম আৰু বুজাপৰাই এই সকলোবোৰ বিতৰ্কক অতিক্ৰম কৰি আহিছে।