গুৱাহাটী — সৌন্দৰ্য আৰু প্ৰতিভাৰ ৰাষ্ট্ৰীয় মঞ্চত পুনৰ চমক সৃষ্টি কৰি উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে উদীয়মান প্ৰতিভা লাঞ্চেনবী দেৱীয়ে (Lanchenbi Devi)। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় ‘কিডছ ছুপাৰ গ্ল’বেল ইণ্ডিয়া’ (Kids Super Global India) প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি তেওঁ বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এশৰো অধিক প্ৰতিযোগীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ লাঞ্চেনবীয়ে নিজৰ তীক্ষ্ণ বুদ্ধিমত্তা, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ জৰিয়তে বিচাৰকসকলৰ মন জয় কৰে। প্ৰতিযোগিতাখনৰ কেবাটাও কঠিন ৰাউণ্ড, যেনে— ট্ৰেডিচনেল ক্ৰিয়েটিভ ৰাউণ্ড, টেলেণ্ট ৰাউণ্ড আৰু কেটৱাকত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি তেওঁ এই সফলতা অৰ্জন কৰে।
প্ৰতিযোগিতাৰ চুড়ান্ত পৰ্বত বিজয়ী ঘোষণা কৰাৰ পিছতে লাঞ্চেনবীক মুকুট পিন্ধাই সন্মানিত কৰা হয়। এই অসাধাৰণ সফলতাই অঞ্চলটোৰ সাংস্কৃতিক আৰু ফেশ্বন জগতত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে।
নিজৰ এই সফলতাত উৎফুল্লিত হৈ লাঞ্চেনবীয়ে কয়, "এই সন্মান অৰ্জন কৰিবলৈ পাই মই অত্যন্ত আনন্দিত। মোৰ পৰিয়াল, প্ৰশিক্ষক আৰু শুভাকাংক্ষীসকলৰ নিৰন্তৰ সমৰ্থন অবিহনে এই যাত্ৰা সম্ভৱ নহ’লহেঁতেন।"
ৰাষ্ট্ৰীয় পৰ্যায়ত এই খিতাপ জয় কৰাৰ পিছত এতিয়া লাঞ্চেনবীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। তেওঁৰ এই সফলতাত বিভিন্ন দল-সংগঠনৰ লগতে গুণমুগ্ধসকলে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।